নলবাৰী শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱত বিদেশী পৰ্যটক 

Pic

নলবাৰীৰ পৰা হেমন্ত কলিতা:

উত্তৰ-পূব ভাৰতৰ ধৰ্মীয় আৰু সাংস্কৃতিক অনুষ্ঠানসমূহৰ অন্যতম নলবাৰী শ্ৰী শ্ৰী হৰিমন্দিৰত চলি থকা তেৰদিনীয়া ৰাস মহোৎসৱত বুধবাৰে নিশা এগৰাকী বিদেশী পৰ্যটক উপস্থিত হয়। ঐতিহ্য, সমন্বয় আৰু কৃষ্ণ সংস্কৃতিৰ পুণ্যতীৰ্থ এই ৰাস মহোৎসৱত ক্ৰমান্বয়ে দৰ্শনাৰ্থীৰ ভিৰ বৃদ্ধি পাইছে।

Pic

নলবাৰী হৰিমন্দিৰৰ মৃন্ময় মূৰ্তি প্ৰধান ৰাস মহোৎসৱ উপভোগ কৰে ইউৰোপৰ এলিনা নামৰ মহিলা পৰ্যটকগৰাকীয়ে।মেখেলা চাদৰ পিন্ধি এলিনাই ৰাস মহোৎসৱ উপভোগ কৰাৰ দৃশ্য সকলোৰে বাবে উৎসুকতাৰ বিষয় হৈ পৰে। ব্যতিক্ৰমী এই মহিলা পৰ্যটকগৰাকীয়ে চাদৰ মেখেলা পৰিধান কৰাৰ লগতে ডিঙিত লৈছিল অসমীয়া গামোচা। বিদেশী পৰ্যটকগৰাকীয়ে নলবাৰী ৰাস উপভোগ কৰি উৎফুল্লিত হোৱা বুলি উল্লেখ কৰাৰ লগতে অসমৰ তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজৰ শলাগ লয়।

Your Comments