ভাৰতীয় ইতিহাস সংকলন সমিতিৰ উদ্যোগত বৰভাগ মহাবিদ্যালয়ত বক্তৃতা প্ৰদান অনুষ্ঠান

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

গান্ধীজীৰ ডেৰশ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ অন্তৰ্গত নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু বৰভাগ মহাবিদ্যালয়ৰ অসমীয়া আৰু ইতিহাস বিভাগৰ সহযোগত বুধবাৰে বৰভাগ মহাবিদ্যালয় প্ৰেক্ষাগৃহত এটা বক্তৃতাৰ অনুষ্ঠান অনুষ্ঠিত হৈ যায়।'মোহন দাসৰ পৰা মহাত্মালৈ:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এক অৱলোকন' শীৰ্ষক বক্তৃতা অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি এছ বি দেওৰা কলেজৰ উপাধ্যক্ষ ড৹নিৰঞ্জন কলিতাই মহাত্মা গান্ধীৰ সত্য আৰু অহিংসাৰ মূল মন্ত্ৰ‌ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।তেওঁ কয় যে ৰামায়ণ, গীতা,ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি মোহন দাসৰ পৰা মহাত্মা হোৱা গান্ধীজীৰ জীৱনৰ প্ৰতিটো দিশ লক্ষ্য কৰিবলগীয়া।এনেদৰে তেওঁ মহাত্মা গান্ধীৰ জীৱন আৰু কৰ্মৰাজি সন্দৰ্ভত এটা বিশ্লেষণাত্মক দীঘলীয়া বক্তব্য প্ৰদান কৰে। ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নলবাৰী জিলা সমিতিৰ সভাপতি ঈশ্বৰ চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত বক্তৃতা অনুষ্ঠানত ইতিহাস সংকলন সমিতিৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে নলবাৰী সমিতিৰ সম্পাদক শচীন্দ্ৰ কুমাৰ কলিতাই। অনুষ্ঠানত ড৹ নমিতা দেবী, ড৹ বিপুল কলিতা, মানবেন্দ্ৰ শৰ্মা, ড৹ নন্দিতা গোস্বামী আদিকে ধৰি বহুকেইগৰাকী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। আদৰণি ভাষণ প্ৰদান কৰে বৰভাগ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইউনুছৰ ৰহমানে।বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ শিক্ষক গোটৰ সভাপতি অজিত কুমাৰ শৰ্মাই। অনুষ্ঠানত গীত পৰিৱেশন কৰি শ্ৰোতাক মুগ্ধ কৰে ক্ৰমে কংকনা শৰ্মা, জুমি তালুকদাৰ, হিমাশ্ৰী মহন্ত, ৰিংকি মণি তালুকদাৰ, কৰিস্মা কলিতা,ধীতাশ্ৰী কলিতা আৰু বৰ্ণালী কলিতাই। অনুষ্ঠানটোৰ আঁত ধৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নলবাৰী জিলাৰ সহকাৰী সম্পাদক ড৹ ৰাতুল শৰ্মাই। ___________________________________

Your Comments