বঙাইগাঁও জিলাৰ উপায়ুক্ত আদিল খানক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

বুধবাৰে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ নৱনিৰ্মিত সভাকক্ষত নৱ-নিযুক্ত উপায়ুক্ত ড০ সাদনেক সিঙৰ উপস্থিতিত এখন বিদায়ী সভা অনুষ্ঠিত কৰা হয়। এই সভাত বঙাইগাঁও জিলাৰ বিদায়ী উপায়ুক্ত আদিল খানক জিলা উন্নয়ন আয়ুক্ত চন্দ্ৰা দেৱীয়ে এখন ফুলাম গামোচা আৰু শৰাইৰে বিদায় সম্ভাষণ জনোৱাৰ বিপৰীতে এখন ফুলাম গামোচাৰে নৱ-নিযুক্ত উপায়ুক্ত ড০ সাদনেক সিঙক আদৰণি জনায় । ইয়াৰ পিছতে বঙাইগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ পৰা কাৰ্যালয়টোৰ কাৰ্যবাহী বিষয়া নাদিৰা জেছমিনেও এখন শৰাই আৰু ফুলাম গামোচাৰে বিদায়ী উপায়ুক্তক বিদায়ী সম্ভাষণ জনায় । এই সভাত উপস্থিত থকা অতিৰিক্ত উপায়ুক্ত অৰূপ কুমাৰ শৰ্মাই বিদায়ী ভাষণত উপায়ুক্তগৰাকীৰ কাম-কাজৰ শলাগ লৈ তেওঁৰ নতুন কৰ্মজীৱনৰ বাবেশুভকামনা জনায়।উল্লেখ্য যে বিদায়ী উপায়ুক্ত আদিল খানে বঙাইগাঁও জিলাৰ উপায়ুক্ত হিচাপে যোৱা চলিত বৰ্ষৰ ২২ জানুৱাৰীত কাৰ্যভাৰ গ্ৰহণ কৰি অতি কম দিনৰ ভিতৰত জিলাখনৰ উন্নয়নৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল । তেওঁৰ প্ৰচেষ্টাত বঙাইগাঁও জিলাই ৯ নৱেম্বৰত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত বিশেষ সভাত অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ পৰা পোষণ মাহৰ সফল উদযাপনৰ বাবে বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ ইফালে, বিদায়ী উপায়ুক্ত আদিল খানে নিজ ভাষণ প্ৰসংগত কয় যে এখন চৰকাৰ গঠন কৰে ৰাইজে আৰু আমি সেইখন চৰকাৰৰ কৰ্মচাৰী হোৱা হেতু আমি সদায় ৰাইজক সহায় কৰি যোৱাৰ বাবে চেষ্টা কৰি যাব লাগে । তেওঁ প্ৰশাসনৰ কৰ্মচাৰীসকলৰ হিতাৰ্থে আকৌ কয় যে প্ৰতিজন কৰ্মচাৰীৰ সহযোগিতাৰ ফলত এজন উপায়ুক্তই কামবোৰৰ সফল ৰূপায়ণ কৰিব পাৰে বুলিলে এনে নহয় যে উপায়ুক্তগৰাকী ভাল।এই সুনামৰ অধিকাৰী জিলা প্ৰশাসনৰ কৰ্মচাৰীবৃন্দহে।কাৰণ এজন উপায়ুক্তই দুদিন পিছত অইন ঠাইলৈ বদলি হৈ যাব যদিও কৰ্মচাৰীসকল একে ঠাইতে থাকি অৱসৰ গ্ৰহণ কৰিব ৷ সেয়ে তেওঁ সকলোকে দৃৃঢ়তাৰে সকলোকে নিজ দায়িত্ব পালন কৰি যোৱাৰ বাবে আহবান জনায়।এই বিদায়ী সভাত অতিৰিক্ত উপায়ুক্ত সকল ক্ৰমে ধ্ৰুবজ্যোতি দাস , অনুপম ডেকা , অৰূপ কুমাৰ শৰ্মা , ৰাজহ চক্ৰ বিষয়াসকল , সহকাৰী আয়ুক্ত সকল ,কাৰ্যালয়টোৰ বিষয়া - কৰ্মচাৰীসকল,কোষগাৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকল আৰু বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকি উপায়ুক্ত আদিল খানক বিদায়ী সম্ভাষণ জনাই সুস্থ জীৱনৰ কামনা কৰে।পৰৱৰ্তী পৰ্যায়তবিদায়ী জিলা উপায়ুক্ত আদিল খানে গুৱাহাটীত উপস্থিত হৈ পৰিবহণ বিভাগৰ আয়ুক্ত হিচাপে নিজ দ্বায়িত্বভাৰ গ্ৰহণ কৰে ৷

Your Comments