এনআৰচিৰ নতুন সমন্বয়ক হিতেশ দেৱ শৰ্মাৰ নিযুক্তিৰ বিৰোধিতাৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ সাংসদ আব্দুল খালেকৰ

Pic

'প্ৰতীক হাজেলাৰ উত্তৰসুৰী হিচাপে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাক নিযুক্তি দিব বিচৰা কাৰ্যই প্ৰমাণ কৰে ৰাজ্য চৰকাৰে যে এখন শুদ্ধ এনআৰচি নিবিচাৰে।কাৰণ সামাজিক মাধ্যমত বিভিন্ন সময়ত বিষয়াজনে বহু বিতৰ্কিত মন্তব্য প্ৰকাশ কৰিছে।শুদ্ধ-অশুদ্ধ পিছৰ কথা কিন্তু বিষয়া সদায় নিৰপেক্ষ হব লাগে'- এই গুৰুতৰ অভিযোগ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ।বুধবাৰে দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি সাংসদগৰাকীয়ে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক হিচাপে হিতেশ দেৱ শৰ্মাক ৰাজ্য চৰকাৰে নিযুক্তি দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে। কাৰণ তেওঁ কয় যে সামাজিক মাধ্যম ফেচবুকত শৰ্মাই বহু সময়ত বহু বিতৰ্কিত মন্তব্য কৰি আহিছে।তেওঁ দেশৰ প্ৰচলিত সংবিধানক প্ৰত্যাহ্বান জনোৱাৰ লগতে বিষয়া হিচাপে থাকি ৰাজনৈতিক দলক তেওঁ বহু সময়ত সমৰ্থন কৰি আহিছে।উল্লেখ্য যে খালেকে কয় চৰকাৰী নিয়ম অনুসৰি কোনো বিষয়াই ৰাজনৈতিক দলক সমৰ্থন কৰিব নোৱাৰে। ইয়াৰ উপৰিও বিভিন্ন সময়ত শৰ্মাই এনআৰচিৰ বিৰুদ্ধে বিভিন্ন সময়ত সমালোচনা কৰি আহিছে।গতিকে তেনে এগৰাকী ব্যক্তি যদি এনআৰচিৰ সমন্বয়ক হয়,তেন্তে সন্দেহ আছে এনআৰচি প্ৰক্ৰিয়া কিমান শুদ্ধ হ'ব।সেই বাবে তেওঁৰ নিযুক্তি ৰাজ্য চৰকাৰে বাতিল কৰিব লাগে বুলি দাবী জনায় সাংসদ খালেকে।এই সন্দৰ্ভত বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাৰ্যালয়ত পত্ৰ প্ৰদান কৰা বুলি সংবাদ মেলত অৱগত কৰে। উল্লেখ্য যে নিৰাপত্তাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ সমন্বয়ক প্ৰতীক হাজেলাক বদলিৰ নিৰ্দেশ দিছিল চৰকাৰক।সেই অনুসৰি মঙলবাৰে তিনি বছৰৰ বাবে মধ্যপ্ৰদেশলৈ বদলি কৰা হয় হাজেলা।তাৰ পিছতে এনআৰচিৰ নতুন ৰাজ্যিক সমন্বয়ক নিযুক্তি দিবলৈ হিতেশ দেৱ শৰ্মাৰ নাম চৰকাৰে উল্লেখ কৰিছে। হাজেলাক নিৰাপত্তা দিব নোৱাৰাৰ বাবে ৰাজ্য চৰকাৰক সমালোচনা কৰি খালেকে কয়-'চৰকাৰে তেওঁক নিৰাপত্তা দিব নোৱাৰাটো দুৰ্ভাগ্যজনক।চৰকাৰখন যে ব্যৰ্থ হাজেলাৰ বদলিয়ে প্ৰমাণ কৰে।'

Your Comments