বঙাইগাঁৱত ১৫ দিনীয়া ৰাস মহোৎসৱ উদ্বোধন কৰিলে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক: 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁৱতো ১২ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ ১৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ হৈছে ৷ বাৰোৱাৰী পূজা কমিটীৰ  উদ্যোগত বঙাইগাঁও গান্ধী ময়দানৰ বাৰোৱাৰী ৰাস মন্দিৰ প্ৰাংগণত উদযাপিত ঐতিহ্যমণ্ডিত ৯৯ সংখ্যক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ মঙলবাৰে সন্ধিয়া অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীয়ে উদ্বোধন কৰে ৷ ৰাস মহোৎসৱ উদ্বোধন কৰি মন্ত্ৰী চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কয় যে বঙাইগাঁৱৰ ৰাসৰ এক ঐতিহ্য আছে ৷ আজি  বঙাইগাঁৱত ৯৯ সংখ্যক ৰাস মহোৎসৱ পালন কৰা হৈছে ৷ অহা বছৰ ইয়াত এশ বছৰীয়া ৰাস মহোৎসৱ পালন কৰা হ'ব ৷ কিন্তু বঙাইগাঁৱত ৯৯ টা বছৰে ৰাস মহোৎসৱ পালন কৰা হৈছে যদিও আমাৰ সমস্যা হৈছে যে আচলতে যেনে ধৰণে আমি ৰাস মহোৎসৱক লৈ আগবাঢ়ি যাব লাগে বা যেনে ধৰণে সদায় নতুনত্ব দিব লাগে,সেয়া দিব পৰা নাই ৷ মই আশা ৰাখিছোঁঁ যে অহা বছৰ যিহেতু ৰাস মহোৎসৱৰ শতবাৰ্ষিকী পালন কৰা হ'ব,গতিকে এই ৰাস মহোৎসৱক নতুন ৰূপত ৰাইজৰ আগত দাঙি ধৰা হ'ব।

Pic

ইফালে,ইয়াৰ পিচতে অনুষ্ঠিত     উদ্বোধনী সভা ৷ উদ্বোধনী সভাত গুৱাহাটীৰ চৰকাৰী সংস্কৃত মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড° নৃপেন্দ্ৰ নাথ শৰ্মাই নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ৰাস মহোৎসৱৰ তাৎপৰ্য ব্যাখ্যা কৰি বক্তব্য  প্ৰদান কৰে৷ বাৰোৱাৰী পূজা কমিটীৰ সভাপতি লক্ষীকান্ত ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক বিনোদ কুমাৰ ভাগৱতীয়ে ৷ সভাত মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ লগতে কেবাগৰাকীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ 


 

Your Comments