মধ্যাহ্ন ভোজনৰ ৰান্ধনী-সহায়িকাক বৈঠকলৈ মাতি অনুপস্থিত শিক্ষামন্ত্ৰী!

Pic

ৰাজ্যৰ ২৮খন জিলাৰ বিদ্যালয়সমূহ মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব ১৫ টাকৈ এনজিঅ'ক প্ৰদান কৰা শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্তৰ বিৰোধিতাৰে সদৌ অসম প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক ৰান্ধিনী-সহায়িকা সন্থাৰ প্ৰায় তিনি শতাধিক কৰ্মচাৰীয়ে মঙলবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ঘৰ ঘেৰাও কৰাৰ পিছতে বুধবাৰে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাৰ কথা আছিল শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ।সেই মৰ্মে বুধবাৰে ৰান্ধনী আৰু সহায়িকা সন্থাৰ প্ৰতিনিধি দিছপুৰ জনতা ভৱনৰ 'ই ব্লক'ত উপস্থিত হয় মন্ত্ৰীৰে আলোচনা কৰিবলৈ।কিন্তু তাৎপৰ্যপূর্ণভাৱে শেষ মুহূৰ্তত শিক্ষামন্ত্ৰীগৰাকী উপস্থিত নহ'ল বৈঠকত।তাৰ পৰিৱৰ্তে শিক্ষা বিভাগৰ আয়ুক্ত প্ৰীতম শইকীয়াই ৰান্ধনী সন্থাৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। ইফালে,শিক্ষমন্ত্ৰী ভট্টাচাৰ্যই বৈঠকলৈ মাতি শেষ মুহূৰ্তত উপস্থিত নথকা কাৰ্যৰ তীব্ৰ সমালোচনা কৰি ৰান্ধনী-সহায়িকা সন্থাই শিক্ষামন্ত্ৰীয়ে তেওঁলোকৰ প্ৰাপ্য সন্মানক গুৰুত্বহীন কৰা বুলি উল্লেখ কৰে।লগতে,আজি অনুষ্ঠিত হোৱা বৈঠকক 'বিফল' আৰু 'অসন্মানজনক' আখ্যা দিয়ে।'তেওঁ এনজিঅ'ৰ হাতত বিক্ৰী হোৱাৰ বাবে বৈঠকলৈ মাতি পলায়ন কৰিছে।যাৰ বাবে তেওঁ বৈঠকত উপস্থিত হৈ সাহসেৰে ক'ব নোৱাৰিলে এই সিদ্ধান্ত বাতিল হ'ব বুলি'-এই মন্তব্য সন্থাৰ উপদেষ্টা তৃষ্ণা নাথৰ।তেওঁ লগতে প্ৰীতম শইকীয়াৰ সৈতে হোৱা বৈঠকৰ সন্দৰ্ভত কয়-'সেই বৈঠকখনৰ কোনো সন্মান নাই।কাৰণ বৈঠক চলি থাকোতে বাহিৰৰ মানুহৰো আলোচনাগৃহত অহা-যোৱা চলি আছিল।তাৰ উপৰিও আমাৰ লগত আলোচনা কৰি থাকোতে অন্য বিষয়া সকলৰ সৈতেও কামটো ব্যস্ত হৈ পৰিছিল।' 'আলোচনাৰ সময়ত আয়ুক্ত শইকীয়াই এনজিঅ'ৰ বিষয়ত একো নাজানো বুলি কোৱাৰ লগতে ৰান্ধনী-সহায়িকাৰ দৰমহা পূৰ্বৰটোৱে থাকিব বুলি কৈছে,কিন্তু লিখিতভাৱে কোৱা নাই'-এইদৰে কয় তৃষ্ণা নাথে। ইফালে আজিৰ বৈঠক বিফল হোৱাৰ পিছতে শিক্ষামন্ত্ৰীক সকীয়নী প্ৰদান কৰি সন্থাই ঘোষনা অতি কম সময়ৰ ভিতৰতে জনতা ভৱন ঘেৰাও, ৰেল পথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি ঘোষণা কৰে।তাৰ বাবে শিক্ষামন্ত্ৰী দায়ী হ'ব বুলি উল্লেখ কৰে প্ৰতিনিধিসকলে।

Your Comments