নিৰ্বাচন বন্ধ কৰি ৰখা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ছয়টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়

Pic

কংগ্ৰেছ আমোলত আইন-শৃংখলাজনিত কাৰণ দেখুৱাই অন্যায়ভাৱে ২০১০ আৰু ২০১৫ চনত তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন বন্ধ কৰি থোৱা কামৰূপ(ম) জিলাৰ ছয়টা তিৱা স্বায়ত্ব পৰিষদৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়য়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে।পৰিষদৰ অন্তৰ্গত ২৬নং ডিমৰীয়া, ৩২নং ডিগাৰু, ৩৩নং ক্ষেত্রী, ৩৪নং সোণাপুৰ,৩৫নং আম্পী আৰু ৩৬নং ফংআৰি সমষ্টিত অহা ২০২০চনত নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে।উল্লেখ্য যে ২০২০ চনত তিৱা স্বায়ত্ব পৰিষদত নিৰ্বাচন অনুষ্ঠিত হ'ব মুঠ ৩৬ টা সমষ্টিত।মঙলবাৰে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ আদৰণি জনাই সংবাদমেল সম্বোধন কৰে সদৌ অসম ট্ৰাইবেল সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰংহাঙে।তেওঁ লগতে কয়-'কংগ্ৰেছ চৰকাৰৰ দিনত ২০১০ চনত প্ৰথম যেতিয়া তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল,সেই সময়ত কংগ্ৰেছ মন্ত্ৰী অকণ বৰাই কামৰূপ জিলা সম্প্ৰসাৰণত বাধা আহিব বুলি 'আমিৰ' নামেৰে নিজে জন্ম দিয়া এটা সংগঠনৰ হতুৱাই আন্দোলন কৰাই পিছত কামৰূপ(ম) জিলাৰ সমষ্টিকেইটাৰ নিৰ্বাচন বন্ধ কৰি ৰাখিছিল।ফলত, সমষ্টিকেইটা নিৰ্বাচিত প্ৰতিনিধি নথকাৰ বাবে পৰিষদৰ উন্নয়নমূলক আঁচনিসমূহৰ পৰা বঞ্চিত হৈ আহিছিল।তাৰ বিৰুদ্ধে সদৌ অসম ট্ৰাইবেল সংঘই ২০১৫ চনত wp(c) 4630/2015 নম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল।সেই গোচৰৰে ন্যায়ালয়ে যোৱা ১ নৱেম্বৰত ৰায় প্ৰদান কৰি ২০২০ চনত অনুষ্ঠিত হ'ব লগা পৰিষদৰ নিৰ্বাচনত পুনৰবাৰ আইন-শৃংখলাজনিত কাৰণ দেখুৱাই বন্ধ কৰি ৰাখিব নোৱাৰিব বুলি অসম চৰকাৰক নির্দেশ প্ৰদান কৰিছে। ইফালে,এই ৰায়ে পৰিষদৰ অন্তৰ্গত ছয়টা সমষ্টিৰ সাধাৰণ ৰাইজৰ গণতান্ত্ৰিক অধিকাৰ প্ৰতিষ্ঠা কৰিব বুলি উল্লেখ কৰে সদৌ অসম ট্ৰাইবেল সংঘই।

Your Comments