চাকৰি নিয়মীয়াকৰণৰ দাবীত দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম প্ৰাথমিক ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

Pic

বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীণ শিক্ষক সমাজে। বর্ষৰ ২৯জুনৰ "দিছপুৰ চলো" কাৰ্যসূচীৰ পিছত ছাত্ৰ-ছাত্ৰীৰ কথা চিন্তা কৰি আন্দোলনৰ পৰিৱৰ্তে শিক্ষামন্ত্ৰীৰে আলোচনা মাধ্যমেৰে  শিক্ষকসকলে সমস্যা সমাধান কৰিবলৈ বিচাৰি চাৰিবাৰকৈ পত্ৰ প্ৰেৰণ কৰিলে।কিন্তু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকসকলৰ আবেদনৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।যাৰ ফলত ৰাজ্য ৪১ হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকে  অহা ১৯ নৱেম্বৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ "মিছন সমন্বয়ক"ৰ কার্যালয়ত দিনৰ ১০ বজাৰ   পৰা "তলা-বন্ধ" কাৰ্যসূচী ৰূপায়ণ কৰিব।এই কথা প্ৰকাশ কৰিছ সদৌ অসম প্ৰাথমিক টে'ট উত্তীণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে।ৰচিদে লগতে কয় যে কাৰ্যসূচীৰ পিছত যদি বিভাগ তথা শিক্ষামন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিয়ে তেন্তে চলিত মাহৰ শেষৰ ফালে ঠিকাভিত্তিক টেট শিক্ষকসকলে তিনিদিনৰ বাবে গ্ৰহণ কৰিব "কৰ্মবিৰতি" কাৰ্যসূচী।সেই গণতান্ত্ৰিক আন্দোলনে যদি শিক্ষক সকলৰ প্ৰতি কোনো আশাৰ ফল মানে তেন্তে ডিচেম্বৰ মাহৰ প্ৰথম ভাগতে গুৱাহাটীত কেন্দ্ৰীয়ভাৱে পালন কৰিব ৪৮ ঘণ্টীয়া কাৰ্যসূচী।

উল্লেখ যে ৰাজ্য ৪১হাজাৰ ঠিকাভিত্তিক প্ৰাথমিক টেট শিক্ষকে চাকৰি নিয়মীয়কৰণৰ বাবে বিভিন্ন সময়ত শিক্ষা বিভাগক আহ্বান জনাই আহিছে।শিক্ষামন্ত্ৰীগৰাকীয়ে শিক্ষকসকলৰ দাবীৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি সভাপতি     ত্ৰৈলোক্য  ডেকাই  কয়-'পূৰ্বৰ শিক্ষামন্ত্ৰীৰ দৰে বৰ্তমানৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৪১হাজাৰ ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়কৰণ কৰি ইতিহাসত নাম লিখিব পাৰিলেহেতেন। তাকে নকৰি শিক্ষামন্ত্ৰী গৰাকীয়ে শিক্ষকসকলৰ দাবী এৰাই চলিব বিচাৰিছে।'

ইফালে বিভিন্ন সময়ত শিক্ষামন্ত্ৰীগৰাকীয়ে ঠিকাভিত্তিক টেট শিক্ষকসকলৰ চাকৰিৰ প্ৰতি কোনো চিন্তা কৰিব লগা কাৰণ নাই বুলি কৈ অহা প্ৰসংগ  উল্লেখ কৰি মিৰাজুল ৰচিদে কয়- "আমি কেনেকৈ বিশ্বাস কৰিম ,কাৰণ ২০২০ৰ নতুন শিক্ষানীতিৰ মতে ঠিকাভিত্তিক শিক্ষক থাকিব নোৱাৰিব বুলি উল্লেখ আছে।যদি সেয়া কাৰ্যকৰী হয়,আমাৰ কি হ'ব"!
লগতে কয়  যে আমি যুক্তি লৈ সদায় সাজু আছিলোঁ শিক্ষামন্ত্ৰীলৰ লগত আলোচনাত বহিবলৈ,কিন্তু আমাৰ যুক্তিত শিক্ষামন্ত্ৰীয়ে কোনো গুৰুত্ব নিদিলে।যাৰ ফলত আমি বাধ্য হৈছোঁ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ।'

Your Comments