ৰাজ্যত বৃদ্ধি পাইছে শিশু নিৰ্যাতনৰ ঘটনা:ৰোধ কৰাৰ বাবে আহি আছে 'শিশু সুৰক্ষা'

Pic

ৰাজ্যত দিনে দিনে বৃদ্ধি পোৱা শিশু নিৰ্যাতনৰ দৰে জঘন্য ঘটনাৰ ৰোধ কৰা বাবে অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। অহা ১৪ নৱেম্বৰৰ শিশু দিৱসৰ দিনটোতে ৰাজ্যখনৰ শিশুসকলক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে আয়োগে মুকলি কৰিব 'শিশু সুৰক্ষা' নামৰ এটা ডিজিটেল এ'প।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰিব লগা এ'পটোৰ জৰিয়তে ৰাজ্যখনৰ বিভিন্ন ঠাইত সংঘটিত হৈ থকা যিকোনো ধৰণৰ শিশু নিৰ্যাতনৰ ঘটনা প্ৰতিজন ব্যক্তিয়ে আয়োগক অৱগত কৰিব পাৰিব।তাৰ বাবে গুগল প্লে-ষ্টোৰৰ পৰা 'শিশু সুৰক্ষা' নামৰ এ'পটো নিজৰ ফোনত ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰি এ'পটো খুলি অভিযোগ দিয়াৰ বাবে এটা নিৰ্দিষ্ট বুটাম থাকিব তাত সবিশেষ লিপিবদ্ধ কৰি আয়োগক জনাব পাৰিব।এই কথা এই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে অসম ৰাজ্যিক শিশু সুৰক্ষা আয়োগৰ সচিব ডঃ সুনীতা চাংকাকতিয়ে। উল্লেখ্য যে শিশু সুৰক্ষাৰ বাবে ডিজিটেল এ'পৰ ব্যৱস্থা কৰাটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত এয়ে প্ৰথম পদক্ষেপ। ইফালে,গুৰুত্বপূৰ্ণ এই যে আয়োগে প্ৰদান কৰা তথ্য অনুসৰি প্ৰতিবছৰে ৰাজ্যখনত বৃদ্ধি পাইছে শিশুৰ ওপৰত বিভিন্ন নিৰ্যাতনৰ ঘটনা।সেই অনুসৰি ২০১৬ বর্ষত আয়োগত ৰুজু হৈছিল মুঠ ৭২টা গোচৰ।তাৰ ভিতৰত শিশু অধিকাৰ ভংগ কৰা গোচৰ আছিল সৰ্বাধিক ২৪টা। একেদৰে,২০১৭চনত ৰুজু কৰা হৈছিল মুঠ ৯৮ টা গোচৰ।তাৰ ভিতৰত সৰ্বাধিক আছিল শিশু যৌন নিৰ্যাতন ঘটনা ১৮টা। সেই অনুসৰি ২০১৮বর্ষত ১৪৮টা গোচৰ।তাৰ ভিতৰত সৰ্বাধিক ৰুজু হৈছিল শিশু যৌন নিৰ্যাতনৰ ৫৩টা।আনহাতে চলিত বর্ষ অৰ্থাৎ ২০১৯ বর্ষৰ ১০ নৱেম্বৰলৈকে আয়োগত ৰুজু হৈছে ১২৫টা গোচৰ।তাৰ ভিতৰত সৰ্বাধিক ৰুজু হৈছে শিশু যৌন নিৰ্যাতনৰ ৪৩টা। ইয়াৰ উপৰিও আয়োগৰ ওচৰত ৰুজু হোৱা গোচৰসমূহৰ ভিতৰত আছে শিশু শ্ৰমিক,বাল্যবিবাহ, অপৰাধ আদিৰ দৰে বিভিন্ন ঘটনা। উল্লেখ্য যে আয়োগৰ ফালৰ পৰা প্ৰকাশ কৰা অনুসৰি সমাজখন সচেতন হোৱাৰ বাবে পূৰ্বৰ তুলনাত শিশু নিৰ্যাতনৰ ঘটনা পোহৰলৈ অহাটো বৃদ্ধি পাইছে।তাৰ সমান্তৰালকৈ এই নতুন এপটোৰ সংযোজনে আৰু এনে অধিক ঘটনা পোহৰলৈ আনিব বুলি তেওঁলোক আশাবাদী।

Your Comments