গুৱাহাটী ৰে'ল ষ্টেচনত নিষিদ্ধ গাঞ্জাসহ গ্ৰেপ্তাৰ কৰা হয় দুজনক। মঙলবাৰে পুৱা ১০:৩০ বজাত ৰেলৱে আৰক্ষীয়ে অভিযান চলাই ২০৫০১ নম্বৰৰ আগৰতলা- আনন্দ বিহাৰ এক্সপ্ৰেছৰ পৰা গাঞ্জাসহ গ্ৰেপ্তাৰ কৰে দুয়োজনক।
আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ধৃত লোক দুজনৰ নাম ক্ৰমে সঞ্জয় মণ্ডল(৪২) আৰু নৰেশ মণ্ডল(২৬)।বিহাৰৰ ভগলপুৰ জিলাত ঘৰ গ্ৰেপ্তাৰ হোৱা দুয়োজন লোকৰ। আগৰতলাৰ পৰা বিহাৰলৈ গাঞ্জাখিনি সৰবৰাহ কৰোতে ৰে'লৱে আৰক্ষীয়ে নিয়মীয়া তালচীত আটক কৰে তেওঁলোকক।
ইফালে,লোক দুজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে ৰে'লৱে আৰক্ষীয়ে।
- Log in to post comments
- 12 views