
অৱশেষত বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত যোৱা ৰামুসহ ছয়টা চিকাৰী হাতীৰ সহায়ত গোৱালপাৰা জিলাত সন্ত্ৰাস সৃষ্টি কৰা 'লাডেন' নামৰ হাতীটোক ট্ৰেংকুলাইজ কৰা হ'ল।গোৱালপাৰা জিলাৰ ৰংজুলিৰ বনাঞ্চলৰ চাটাবাৰী অঞ্চলত সোমবাৰে পুৱাই 'লাডেন'ক আৱদ্ধ কৰে।
উল্লেখ্য যে লাডেনৰ সন্ত্ৰাসত জিলাখনত ইতিমধ্যে ৩০ জনতকৈ অধিক লোকে প্ৰাণ হেৰুৱাইছিল। বিভিন্ন সময়ত বন বিভাগে আক্ৰমণকাৰী হাতীটোক আৱদ্ধ কৰিবলৈ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হৈছিল।
তাৰ পিছতে যোৱা ৮ নৱেম্বৰত চতিয়াৰ বিধায়ক তথা পূৰ্বতে হাতী চিকাৰত খ্যাতি থকা পদ্ম হাজৰিকাক সন্ত্ৰাস সৃষ্টিকাৰী হাতীটোক ধৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই আহ্বান জনাইছিল।তাৰ পিছত পদ্ম হাজৰিকাৰ অভিজ্ঞ চিকাৰী হাতী ৰামুসহ ছয়টা হাতীয়ে আজি আৰম্ভ কৰিছিল অভিযান।অভিযানৰ কিছুসময়ৰ পাছতে হাজৰিকাৰ নেতৃত্বত যোৱা চিকিৎসকে
ট্ৰেংকুলাইজ কৰে ‘লাডেন’ক।
- Log in to post comments
- 53 views