ধুহি আদৰ্শ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন সম্পন্ন

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

'চৰকাৰে ছাত্ৰছাত্ৰীৰ মধ্যাহ্ন ভোজনক লৈ ব্যৱসায়  আৰম্ভ কৰিছে৷ ব্যৱসায় কৰিছে ইউনিফৰ্মৰ পোছাকযোৰক লৈ৷'এই বক্তব্য 'আছু'ৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰকাশ দাসৰ৷শনিবাৰে কামৰূপ জিলাৰ পশ্চিম বড়িগোগ মৌজাৰ ধুহি আদৰ্শ জাতীয় বিদ্যালয়ৰ বাৰ্ষিক অধিৱেশন আৰু বঁটা বিতৰণী অনুষ্ঠানৰ মুকলি সভাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি তেওঁ এইদৰে কয়৷তেওঁ কয় যে 'কৰ্ম মোৰ সংস্কৃতি' মূল মন্ত্ৰৰে ছাত্ৰ-ছাত্ৰীসকলে আগবাঢ়িলে জীৱনত কেতিয়াও উজুতি খাব নেলাগে৷ভাষনত ছাত্ৰ নেতাজনে আক্ষেপ কৰি কয় যে ছাত্ৰ-ছাত্ৰীক কি পদ্ধতিৰে শিক্ষাদান কৰিলে শিক্ষাৰ উত্তৰণ  ঘটিব,তাক কোনো এখন চৰকাৰেও সঠিক ৰূপত উপস্থাপন কৰিব পৰা নাই৷বিশিষ্ট শিক্ষাবিদ নুৰজামাল আলী আহমেদৰ সভাপতিত্বত বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত মুকলি অধিৱেশনত আন এজন নিৰ্দিষ্ট বক্তা কবি-সাংবাদিক নৰেন শৰ্মাই কয় যে গ্ৰামাঞ্চলৰ সকলো লোকৰে মাজত এতিয়া মানুহ গঢ়াৰ প্ৰতিযোগিতা চলিছে৷যাৰ বাবে অভিভাৱকে নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ৰ পৰিৱৰ্তে বেচৰকাৰী শিক্ষানুষ্ঠানত পঢ়ুৱাবলৈ লৈছে৷সভাত মুখ্য অতিথি হিচাপে কামৰূপ জিলা সাংবাদিক সন্থাৰ সম্পাদক তৰনী চৰণ কলিতাই ছাত্ৰ-ছাত্ৰীৰ  শিক্ষাৰ উত্তৰণত অভিভাৱকৰ কৰনীয় কৰ্তব্য সম্পৰ্কে বিশদ বিশ্লেষণ  আগবঢ়াই৷ছাত্ৰ একতা সভাৰ সম্পাদিকা চানিয়াৰা বেগমে  উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত প্ৰধান শিক্ষয়িত্ৰী অলকা শইকীয়াই বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে৷সভাত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে হিন্দী,ইংৰাজী আৰু অসমীয়াত বক্তব্য দি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷দৰ্শকৰে ঠাহ খাই পৰা সভাখনত ছাত্ৰ-ছাত্ৰীসকলে কেইবাটাও গীত,শিশু গীত উমলা গীত আৰু কবিতা আবৃত্তিৰে  সভা জীপাল কৰি তোলে৷ মনকৰিবলগীয়া যে প্ৰথমবাৰৰ বাবে বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা আটইকেইগৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল৷সেই কৃতি শিক্ষাৰ্থীসকলক দেওবাৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰে৷উল্লেখযোগ্য যে মুকলি সভালৈ মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া সভাৰ পূৰ্বে বিদ্যালয়ত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰী,শিক্ষক,অভিভাৱক,পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগত ভাব বিনিময় কৰাৰ লগতে অভাৱ-অভিযোগ সম্পৰ্কে আলোচনা কৰে৷সভাৰ অন্তত এখন বৰ্ণিণি সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত কৰে৷দুদিনীয়াকৈ আয়োজিত উক্ত অনুষ্ঠানৰ পহিলা দিনাখন বিদ্যালয়ৰ পতাকা উত্তোলন,শিক্ষক,অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীৰ প্ৰীতি সন্মিলন আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত কৰা  হয়।বঁটা বিতৰণী সভাত সভাপতিত্ব কৰে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক চিৰাজউদ্দিন আহমেদে৷

Your Comments