বহু প্ৰতীক্ষিত অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়দানৰে দেশবাসীৰ মন জয় কৰা অসম সন্তান তথা দেশৰ মূখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আজি অসমলৈ আহিব।অযোধ্যা গোচৰৰ শান্তিপূৰ্ণ ৰায়দানৰ এদিন পিছতে স্বভূমিলৈ আহিব লগা মুখ্য ন্যায়াধীশগৰাকীৰ লগত আহিব তেওঁৰ উত্তৰসুৰী তথা উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শাৰদ অৰৱিন্দ ববডে।
উল্লেখ্য যে গুৱাহাটীৰ মাছখোৱা আইটিআই প্ৰকল্পত সন্ধিয়া পাঁচ বজাত তেওঁ অংশগ্ৰহণ কৰিব এখন গ্ৰন্থ উন্মোচনী সভাত। গগৈয়ে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থ "ক'ৰ্টছ অব ইণ্ডিয়া:পাষ্ট টুু প্রেজেন্ট" শীর্ষক গ্ৰন্থৰ অসমীয়া অনুবাদ 'ভাৰতবর্ষৰ আদালত সমূহৰ:অতীতৰ পৰা বৰ্তমানলৈকে' শীর্ষক গ্ৰন্থখন উন্মোচন কৰিব।
ইতিমধ্যে,মুখ্য ন্যায়াধীশগৰাকীৰ আগমনক লৈ মহানগৰীত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
আনহাতে গুৰুত্বপূৰ্ণ কথা এই যে অযোধ্যা গোচৰৰ ঐতিহাসিক ৰায় প্ৰদানৰ জৰিয়তে দেশৰ ইতিহাসত অসমীয়াৰ নাম খোদিত কৰা মুখ্য ন্যায়াধীশগৰাকীয়ে নতুন দিল্লীৰ পৰা পোনে পোনে যাব জন্মস্থান ডিব্ৰুগড়লৈ।
ইফালে,অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়দানৰ পাছতে নিৰাপত্তা প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় গৃহ বিভাগে মুখ্য ন্যায়াধীশগৰাকীৰ নিৰাপত্তা ব্যৱস্থা 'জেদ প্লাছ'লৈ উন্নীত কৰিছে।আনহাতে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব লগা ৰঞ্জন গগৈৰ মুখ্য ন্যায়াধীশ হিচাপে হয়তো এইয়া অন্তিমটো অসম ভ্ৰমণ।
- Log in to post comments
- 22 views