ৰাজ্যৰ মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ প্ৰতিবাদৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী তথা কণ কণ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন মাধ্যমত প্ৰকাশ কৰা অভিযোগৰ পিছতে এনজিঅ'ৱে যোগান ধৰা খাদ্যৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।খাদ্য আৰু অসামৰিক যোগান বিভাগৰ প্ৰধান সচিব বি আৰ চামালক তদন্তৰ বাবে নির্দেশ প্ৰদান কৰিছে সোণোৱালে।লগতে তেওঁ এই কথাও উল্লেখ কৰিছে যে তদন্তৰ সম্পূৰ্ণ প্ৰতিবেদন এক মাহৰ ভিতৰত দাখিল কৰিব লাগিব।
আনহাতে তদন্তৰ সময়ছোৱাত যাতে ছাত্ৰ-ছাত্ৰীয়ে পুষ্টিকৰ মধ্যাহ্ন ভোজন গ্ৰহণ কৰিবলৈ পায়,তাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ নিয়ম বাহাল ৰখাৰ বাবে নির্দেশনাটোত উল্লেখ কৰিছে।অৰ্থাৎ তদন্তৰ সময়ছোৱাত পূৰ্বৰ দৰে বিদ্যালয়তে ৰান্ধনীসকলে প্ৰস্তুত কৰিব মধ্যাহ্ন ভোজন।
উল্লেখ্য যে যোৱা ১ নৱেম্বৰৰ পৰা শিক্ষা বিভাগে মধ্যাহ্ন ভোজনৰ যোগানৰ দায়িত্ব অৰ্পণ কৰিছিল ১৫ টাকৈ এনজিঅ'ৰ হাতত।বিভাগৰ সেই সিদ্ধান্তৰ পিছতে ৰাজ্যজুৰি আৰম্ভ হৈছিল বিভিন্ন প্ৰতিবাদ।কাৰণ অভিযোগ উঠিছিল এনজিঅ'সমূহে যোগান ধৰা খাদ্য খোৱাৰ বাবে উপযোগী নহয়।তাৰ পিছতো শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই সমগ্ৰ বিষয়টো এৰাই চলিছিল।তাৰ মাজতে মুখ্যমন্ত্ৰী তদন্তৰ ঘোষণাত এতিয়া চৰ্চা লাভ কৰিছে বিষয়টোৱে।
- Log in to post comments
- 10 views