জয়-পৰাজয় কাৰো নহয়,উপযুক্ত তথ্যৰে আযোধ্যাৰ ৰায়- আৰএছএছ

Pic

অযোধ্যাৰ বিবদমান ভূমিক লৈ শনিবাৰে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে ঐতিহাসিক ৰায়।ন্যায়ালয়ে প্ৰদান কৰা এই ঐতিহাসিক ৰায়ক লৈ সুখী ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ।ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ শংকৰ দাসে শনিবাৰে গুৱাহাটীৰ পল্টনবজাৰস্থিত সংঘৰ কাৰ্যালয়ত সংবাদ মাধ্যমৰ আগত কয়-'ৰায়ক লৈ সংঘৰ শীৰ্ষ নেতৃত্ব মোহন ভাগৱতে যি ভাষ্য প্ৰদান কৰিছে সেয়াই হৈছে আমাৰো ভাষ্য'।মোহন ভাগৱতৰ ভাষ্যৰ আঁত ধৰিয়ে দাসে কয়-'দীর্ঘদিনীয়া এটা উৎকণ্ঠাৰ অৱসান ঘটিল।ন্যায়ালয়ে সকলো পক্ষৰে সকলো দিশ সামৰি যি ন্যায় প্ৰদান কৰিছে,তাৰ বাবে ভাৰতীয় ন্যায়িক ব্যৱস্থাক সন্মান জনাইছোঁ।'

ইয়াৰ উপৰিও তেওঁ কয়--'ইয়াত জয়-পৰাজয় কাৰো হোৱা নাই।উপযুক্ত তথ্য আধাৰত ন্যায় পাইছে। ভাৰতীয় মানুহৰ আস্থা আৰু শ্ৰদ্ধাৰ পক্ষত এই ৰায়।'

দাসে লগতে কয়-'ৰায়টোত অন্যায় হোৱা নাই।কাৰণ সমানে পাঁচ একৰ ভূমিত মছজিদ নিৰ্মাণ কৰাৰ কথা ৰায়টোত উল্লেখ আছে।'ইফালে,আদালতৰ ৰায় অহা তিনিমাহৰ ভিতৰত কাৰ্যকৰী কৰিব লাগে বুলি উল্লেখ কৰে।

Your Comments