ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ নতুন সমন্বয়কক নিযুক্তি দিয়া হৈছে।ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি মধ্যপ্ৰদেশলৈ তিনিবছৰৰ বাবে বদলি কৰা বৰ্তমানৰ সমন্বয়ক প্ৰতীক হাজেলাৰ স্থানত নিযুক্তি দিয়া হ'ব হিতেশ দেৱ শৰ্মাক।ৰাজ্যৰ গৃহবিভাগৰ আয়ুক্ত সচিব ডঃ কে কে দ্বিবেদীয়ে এখন জাননীৰ জড়িয়তে এই কথা প্ৰকাশ কৰিছে।
উল্লেখ্য যে বৰ্তমান ৰাজ্যৰ গ্ৰামোন্নয়ন আৰু বিত্ত বিভাগৰ সচিব হিচাপে কৰ্মৰত শৰ্মাক ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ উপৰিও ৰাজনৈতিক বিভাগৰ সচিবৰ দায়িত্ব প্ৰদান কৰা হৈছে।১৯৮৯ চনৰ এচিএছ বিষয়া শৰ্মাই ৰাজ্য নগৰ উন্নয়নৰ সচিব হোৱাৰ উপৰিও ২০১৮ চনৰ পৰা ৰাজ্য বিত্ত বিভাগৰ সচিব হিচাপে দায়িত্ব পালন কৰি আছে।
আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে নিৰাপত্তাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ে পূৰ্বৰ সমন্বয়ক হাজেলাক বদলিৰ নির্দেশ দিয়াৰ পাছতে কোন হ'ব পৰৱৰ্তী সমন্বয়ক,তাক লৈ আৰম্ভ হৈছিল বিভিন্ন জল্পনা-কল্পনা।ইফালে,১১ নৱেম্বৰত প্ৰতীক হাজেলাক ৰাজ্য চৰকাৰে অনুষ্ঠানিকভাৱে বিদায় জনাব।
- Log in to post comments
- 33 views