মধ্যাহ্ন ভোজন প্ৰদানৰ দায়িত্ব এনজিঅ'ক দি শিক্ষাৰ অধিকাৰ আইন অমান্য কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে-ৰিপুণ বৰা

Pic

'ৰাতিৰ ভিতৰতে ৰাজ্যৰ মধ্যাহ্ন ভোজনত কৰ্মৰত ১.১৭ লাখ কৰ্মচাৰীৰ চাকৰিৰ চাটাই কৰি বহিৰাগত ১৫ টাকৈ এনজিঅ'ক দায়িত্ব প্ৰদান কৰাটো সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগৰ মহম্মদ বিন টোগলকৰ সিদ্ধান্ত।কণ- কণ ছাত্ৰ-ছাত্ৰীক পুষ্টিকৰ খাদ্য যোগান ধৰিবলৈ শিক্ষা বিভাগে দিল্লী আৰু উত্তৰ-প্ৰদেশত ব্লেক লিষ্টেড হোৱা এনজিঅ'ক দায়িত্ব প্ৰদান কৰিছে।সোণোৱাল চৰকাৰৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ অধিকাৰ আইন,শিশু অধিকাৰ আইন অমান্য কৰিছে'- এই গুৰুত্বপূৰ্ণ মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ  সভাপতি ৰিপুণ বৰাৰ।শনিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন  সংবাদ মেলত সভাপতি বৰাই ৰাজ্যৰ চৰকাৰী বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মধ্যাহ্ন ভোজন যোগানৰ দায়িত্ব এনজিঅ'ক প্ৰদান কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰে তেওঁ কয়-'নিগনি, পইতাচোৰা পৰি থকা খাদ্যৰ উপৰি আগদিনাই প্ৰস্তুত কৰা গোন্ধ ওলোৱা খাদ্য খুৱাই শিক্ষা বিভাগে কণ কণ শিশু সকলক লৈ ৰাজনীতি কৰিছে। আৰএছএছ আৰু বিজেপিৰ কোনো শীর্ষ নেতৃত্বৰ ঘনিষ্ঠ ব্লেক লিষ্টেড এনজিঅ'ক নিয়োগ কৰি শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ভালৰি বুলাবলৈ আহিছে।উল্লেখ্য যে বৰাই কয় শিক্ষাৰ অধিকাৰ আইন অনুসৰি শিশুক কেতিয়াও অ-খাদ্য খুৱাব নালাগে।কিন্তু ৰাজ্যৰ  শিক্ষা বিভাগে তাক অমান্য কৰিছে।তাৰ বিৰুদ্ধে অসম প্ৰদেশ কংগ্ৰেছ কমিটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব বুলি কয়।ইয়াৰ উপৰিও অহংকাৰী শিক্ষামন্ত্ৰীয়ে কি পৰিস্থিতিত পূৰ্বৰ পৰা সুন্দৰকৈ চলি অহা মধ্যাহ্ন ভোজনৰ ব্যৱস্থা একে ৰাতিৰ ভিতৰতে এনজিঅ'ক দিলে।কাৰ নিৰ্দেশত দিয়া হৈছে ঘনশ্যাম সেৱা সমিতি আৰু নৱপ্ৰয়াসৰ দৰে ব্লেক লিষ্টেড এনজিঅ'ক আদি সমগ্ৰ বিষয়সমূহ চিবিআইৰ তদন্তৰো দাবী জনায়।লগতে কয়  যে  ছাত্ৰ-ছাত্ৰীৰ সুস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ নিয়ম অনুসৰি নিজ বিদ্যালয়তে প্ৰস্তুত কৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। তাৰ বাবে বিদ্যালয় পৰিচালনা সমিতিত সকলোবোৰ দায়িত্ব অৰ্পণ কৰিব লাগে।
 
সংবাদ মেলতে উচ্চতম ন্যায়ালয়ে শনিবাৰে পুৱাই প্ৰদান কৰা অযোধ্যাৰ বিবাদমান ভূমিৰ ঐতিহাসিক ৰায়ৰ প্ৰসংগত বৰাই কয় 'ঐতিহাসিক ৰায়ৰ প্ৰতি সকলোৰে শ্ৰদ্ধা আছে।সকলোকে ভাতৃত্ববোধ ৰক্ষা কৰি শান্তি-শৃংখলা অটুট ৰখাৰ বাবে আহ্বান জনায়'

Your Comments