কোচ ৰাজবংশীৰ জনজাতিকৰণ প্ৰসংগ:১৬ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব চূড়ান্ত আলোচনা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

অসমৰ কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ দীৰ্ঘদিনীয়া দাবীৰ বাস্তৱ সমাধানৰ বাবে শেহতীয়াকৈ ৰাজ্য চৰকাৰখন কিছু তৎপৰ হোৱা বুলি অনুভৱ কৰিছে আক্ৰাছুৱে ৷শুকুৰবাৰে বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদক গোকুল বৰ্মণে ৰাজ্য চৰকাৰখনে জনগোষ্ঠীটোৰ দীৰ্ঘদিনীয়া সমস্যাটোৰ বাস্তৱ সমাধানৰ কাৰণে তৎপৰ হোৱা বুলি উল্লেখ কৰি অহা ১৬ নৱেম্বৰৰ পৰা চূড়ান্ত আলোচনা অনুষ্ঠিত কৰিব বুলি অৱগত কৰা বুলি কয় ৷ সংবাদ মেলত সংগঠনটোৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয় যে যোৱা ২১ অক্টোৱৰত অসমৰ মন্ত্ৰী গোটৰ সৈতে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা, সদৌ কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ প্ৰতিনিধি দলে সাক্ষাৎ কৰি কেন্দ্ৰীয় চৰকাৰলৈ অচিৰে প্ৰতিবেদন প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছিল ৷ কাৰণ অসম মন্ত্ৰী গোটৰ সমিতিয়ে যোৱা ফেব্ৰুৱাৰী মাহতে প্ৰতিবেদন দাখিল কৰাৰ কথা আছিল যদিও সেই প্ৰতিবেদন দাখিল নকৰাৰ ফলত আমি তেওঁলোকক দাবী জনাই আহিছিলো যে অচিৰেই প্ৰতিবেদন প্ৰেৰণ কৰি আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগে ৷ সেই ভিত্তিতে যোৱা ২১ অক্টোৱৰত অসমৰ মন্ত্ৰী গোটৰ সমিতিৰ অধ্যক্ষ ড° হিমন্ত বিশ্ব শৰ্মা আৰু আহ্বায়ক চন্দন ব্ৰহ্মক সাক্ষাৎ কৰিছিলো আৰু লগতে  অনুৰোধ জনাইছিলো যে যিহেতুকে মন্ত্ৰীগোটৰ দুজনকৈ মন্ত্ৰীয়ে ইতিমধ্যে সাংসদ হিচাপে নিৰ্বাচিত হৈছে, গতিকে তেওঁলোকৰ স্থানত কোচ ৰাজবংশী জনগোষ্ঠীৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু চুতীয়া জনগোষ্ঠীৰ মন্ত্ৰী অতুল বৰাক সমিতিত অন্তৰ্ভুক্ত কৰিব লাগে ৷ সাক্ষাৎ কালত আমাক জনজাতিকৰণৰ বাবে যি মন্ত্ৰী গোটৰ সমিতিখন গঠন কৰি দিছে সেই মন্ত্ৰী গোটৰ সমিতিখনে অচিৰেই আলোচনা অনুষ্ঠিত কৰি প্ৰতিবেদন প্ৰস্তুত কৰি সোনকালে কেন্দ্ৰলৈ প্ৰেৰণ কৰা আৰু সংসদৰ আগন্তুক যি শীতকালীন অধিৱেশন অনুষ্ঠিত হ'ব সেই অধিৱেশনত বিধেয়কখন উত্থাপন কৰি কোচ ৰাজবংশী জনগোষ্ঠীক ১৯৯৬ চনৰ জনজাতিকৰণৰ মৰ্যাদাৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ বাবে আমি দাবী উত্থাপন কৰিছিলো বুলিও কয় ৷ ইপিনে আক্ৰাছুৰ অনুৰোধমৰ্মে মন্ত্ৰী গোটৰ সমিতিত মন্ত্ৰী ফনীভূষণ চৌধুৰী আৰু অতুল বৰাক অন্তৰ্ভুক্ত কৰাত সুখী বুলি মন্তব্য কৰি সাধাৰণ সম্পাদকগৰাকীয়ে লগতে কয় যে মন্ত্ৰী ফনীভূষণ চৌধুৰী যিহেতু কোচ ৰাজবংশী আৰু অতুল বৰা চুতীয়া জনগোষ্ঠীৰ লোক সেয়ে এই দুই জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত তেওঁলোক জ্ঞাত ৷ গতিকে আমি ভাবো দুইগৰাকী মন্ত্ৰীয়ে জনজাতিকৰণৰ ক্ষেত্ৰত সবল ভূমিকা ল'ব ৷ নেতাগৰাকীয়ে কোচ ৰাজবংশী জনগোষ্ঠীক ১৯৯৬ চনৰ পূৰ্বৰ কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ অনুমোদনৰ ভিত্তিত আগন্তুক সংসদৰ শীতকালীন অধিৱেশনৰ সময়তে সংসদত আনুষ্ঠানিকভাৱে বিধেয়ক উত্থাপন কৰি জনজাতিকৰণৰ দাবী জনায় ৷ সংবাদ মেলত আক্ৰাছুৰ নেতাগৰাৰীয়ে কয় যে শেহতীয়াভাৱে আমি অসম চৰকাৰৰ মন্ত্ৰী গোটৰ আহ্বায়কৰ সৈতে আলোচনা- বিলোচনা কৰাৰ পিছত তেওঁলোকে আমাক অৱগত কৰিছে যে অহা ১৬ নৱেম্বৰৰ পৰা কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি অসমৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ দল- সংগঠনৰ সৈতে দ্বিতীয়লানি তথা চূড়ান্ত আলোচনা অনুষ্ঠিত কৰিব ৷ এই আলোচনাৰ পিছতে তেওঁলোকে আমাক জনজাতিকৰণ কৰাৰ আশ্বাস,বিশ্বাস আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।গতিকে আমি আশাবাদী যে আগন্তুক শীতকালীন অধিৱেশনৰ সময়ত কোচ ৰাজবংশী জনগোষ্ঠীকে ধৰি অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে দিয়া প্ৰতিশ্ৰুতিমৰ্মে আখৰে আখৰে পালন কৰিব ৷ যদি তেওঁলোকে আমাৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহলে শীতকালীন অধিৱেশনৰ পিছতে আমি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম৷

ইফালে,সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ বহিস্কৃত নেতা হিতেশ্বৰ বৰ্মণে আক্ৰাছুৰ নামত ওদালগুৰি জিলাৰ টংলাত যি বিশেষ প্ৰতিনিধি সভা পাতিছে সেয়া অসংবিধানিক বুলি দাবী কৰিছে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মণে ৷ মুষ্টিমেয় কেইজনমান ভণ্ড, স্বাৰ্থন্বেষী ব্যক্তিক লগত লৈ ষড়যন্ত্ৰমূলকভাৱে হিতেশ্বৰ বৰ্মণে আক্ৰাছুৰ মাজত পুনৰ বিভাজন আনিব বিচৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলিও কয় ৷ উক্ত বিশেষ প্ৰতিনিধি সভাত আক্ৰাছুৰ কোনো জিলা সমিতিয়ে অংশগ্ৰহণ নকৰে বুলি উল্লেখ কৰি ৰাইজকো সভাখন বৰ্জন কৰিবলৈ আহ্বান জনায় ৷ গোকুল বৰ্মনে পুনৰ কয় যে কিছুমান তথাকথিত নেতাই  আক্ৰাছুক একত্ৰিকৰণৰ পূৰ্বৰে পৰাই বিভাজনৰ ষড়যন্ত্ৰ ৰচিছিল ৷ তেওঁলোকৰ একত্ৰিকৰণ হোৱাৰ আন্তৰিকতা নাছিল ৷ ৰাইজৰ হেঁচাত পৰি তেওঁলোকে একত্ৰিকৰণ হৈছিল ৷ তৎস্বত্বেও আমি আঁকোৱালি লৈ একত্ৰিতভাৱে সংগ্ৰামখন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত যৎপৰোনাস্তি চেষ্টা কৰিছিলো ৷ কিন্তু এতিয়া দেখিবলৈ পাইছো যে যিসকল ব্যক্তিয়ে একত্ৰিকৰণত সদিচ্ছা প্ৰকাশ কৰিছিল তেওঁলোকে সুযোগ - সুবিধা উলিয়াই চক্ৰান্তমূলকভাৱে নিজৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধি কৰাৰ বাবে আক্ৰাছুক দুৰ্বল কৰাৰ কাৰণে অবৈধভাৱে আৰু অসাংবিধানিকভাৱে ওদালগুৰি জিলাৰ টংলাত তেওঁলোকে এখন বিশেষ প্ৰতিনিধি সভা অনুষ্ঠিত কৰিছে ৷ গতিকে এয়া জাতিটোৰ কাৰণে  লজ্জাজনক আৰু অতিকে দুৰ্ভাগ্যজনক কথা ৷ যিসকল ব্যক্তিয়ে সেই সভাখন অনুষ্ঠিত কৰিছে সেয়া সম্পূৰ্ণভাৱে অসাংবিধানিক আৰু অযুক্তিকৰ ৷ সেইখন সভাত কেতিয়াও আমাৰ একত্ৰিকৰণ সমিতিৰ জিলা সমিতিৰ সভাপতি - সম্পাদকসকলে কেতিয়াও অংশ গ্ৰহণ নকৰে ৷ তেওঁলোকে যি ধৰণে আজিৰ তাৰিখত আক্ৰাছুক পুনৰ বিভাজন কৰাৰ কাৰণে উঠি পৰি লাগিছে তাৰ কাৰণে তেওঁলোকক আমি ধিক্কাৰ আৰু গৰিহণা দিছো ৷ লগতে তেওঁলোকে যদি পুনৰ আক্ৰাছুক বিভাজন কৰি নতুনকৈ সমিতি গঠন কৰে তেতিয়াহ'লে কিন্তু যিসকলে উদ্যোগলৈ সভাখন অনুষ্ঠিত কৰিছে সেইসকলে অনাগত দিনত সম্পূৰ্ণভাৱে ৰাইজৰ আদালতত জবাবদিহি হ'ব লাগিব ৷ সেয়ে আমি সঁকিয়াই দিছো যে সময় থাকোতে তেওঁলোকে এনে কুকৰ্মৰ পৰা আঁতৰি আবিহ লাগে ৷ অন্যথা কিন্তু তেওঁলোক পৰৱৰ্তী সময়ত ৰাইজৰ আদালতত বিচাৰৰ সন্মুখীন হ'বলৈ সাজু থাকক ৷ সংবাদ মেলত কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰৱী সৰকাৰৰ লগতে আক্ৰাছুৰ কেইবাগৰাকীও নেতা উপস্থিত আছিল ৷

Your Comments