জামুগুৰিহাটৰ পৰা চন্দন শৰ্মা:
শোণিতপুৰ জিলাৰ উত্তৰ জামুগুৰি অঞ্চলৰ নেপালী জনগোষ্ঠীৰ লগতে জাতি-বৰ্ণ- ধৰ্ম নিৰ্বিশেষে সহায়-সহযোগ কৰি অন্যতম বৃহৎ ধৰ্মীয় সাংস্কৃতিক অনুষ্ঠান উত্তৰ জামুগুৰি কেন্দ্ৰীয় হৰি কীৰ্ত্তন সমিতিয়ে তিনিদিনীয়া বিস্তৃত কাৰ্যসুচীৰে অখণ্ড হৰি কীৰ্ত্তন মহোৎসৱ আয়োজন কৰে ৷ উত্তৰ জামুগুৰিৰ বৰদিকৰাইৰ আজাৰগুৰিত ৭, ৮ আৰু ৯ নৱেম্বৰত বিস্তৃত কাৰ্যসুচীৰে স্থানীয় দামোদৰ সংঘ আৰু কল্যাণী মহিলা কীৰ্ত্তন সংঘৰ যৌথ উদ্যোগত এই অখণ্ড হৰি কীৰ্ত্তন অনুষ্ঠিত হয় ৷ বিশ্ব মানৱ, শান্তি আৰু বিকাশৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা এই হৰি কীৰ্ত্তন মহোৎসৱত অঞ্চলটোৰ ২২১খন হৰি কীৰ্ত্তন সংঘই অংশ গ্ৰহণ কৰে৷
৬১ সংখ্যক এই হৰি কীৰ্ত্তন মহোৎসৱ সফল ৰূপায়ণৰ বাবে গঠন কৰা ২১ খনকৈ বিভিন্ন উপসমিতিয়ে তেওঁলোকৰ নিজা নিজা দ্বায়িত্ব নিয়াৰিকৈ পালন কৰে । উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ সভাপতি বিমল থাপা আৰু সম্পাদক জিত বাহাদুৰ নেৱাৰ ৷ সভাপতি- সম্পাদকদ্বয়ে জানিবলৈ দিয়ামতে ৭ নৱেম্বৰৰ পুৱা বৃক্ষৰোপন কৰে বিশিষ্ট সমাজ সেৱক ভীমলাল আচাৰ্য, সন্ধ্যা বন্তি প্ৰজ্বলন কৰে দেবনায়ক অধিকাৰীয়ে, ৮ নৱেম্বৰ পুৱতি নিশা সহস্ৰাধিক মহিলাই জীয়াভৰলী নদীৰ পৰা জলযাত্ৰা অনুষ্ঠান আৰম্ভ কৰাৰ অন্তত ধৰ্মধ্বজা উত্তোলন কৰে উত্তৰ জামুগুৰি হৰি কীৰ্ত্তন সমিতিৰ সভাপতি বিমল থাপাই ৷ অঞ্চলৰ জাতীয় শ্বহীদসকলক স্মৰণ কৰি স্মৃতি তৰ্পণত পুষ্পাঞ্জলী, মাল্যাৰ্পণ কৰে সমাজ সেৱক টংক ভাণ্ডাৰীয়ে ৷ পুৱা ৭'৩০ বজাৰ পৰা আৰম্ভ হোৱা অখণ্ড হৰি কীৰ্ত্তনভাগ ৯ নৱেম্বৰৰ পুৱা সামৰণি পৰে৷ এই অখণ্ড হৰি কীৰ্ত্তনত বিশেষভাৱে মহিলা সকলে অংশগ্ৰহণ কৰিছিল আৰু দলসমূহৰ মাজত প্ৰতিযোগিতাও অনুষ্ঠিত হয় ৷ হৰি কীৰ্ত্তন মহোৎসৱভাগ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতি তথা লানি নিছিগা ভিৰত বৃন্দাবনলৈ পৰিণত হোৱা দেখা গ'ল ।
- Log in to post comments
- 18 views