আকাৰ-ইকাৰ আৰু যুক্তাক্ষৰ নোহোৱা কবিতা লিখি আসাম বুক অব ৰেকৰ্ডছত স্থান লাভ বালিসত্ৰৰ যুৱকৰ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

কামৰূপ গ্ৰাম্য জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত বালিসত্ৰৰ মোস্তাকিনুৰ ৰহমান নামৰ এজন যুৱকে অসমীয়াৰ আকাৰ-ইকাৰ আৰু যুক্তাক্ষৰ নোহোৱাকৈ এটি কবিতা লিখি আসাম বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷'ধনবল নহয় মনবল' নামৰ ৯২ টা শব্দ সন্মিবিষ্ট উক্ত কবিতাটিত ১৭টা শাৰী আছে৷তেওঁৰ অলপতে উন্মোচন কৰা সপোনৰ লুইত নামৰ কবিতা পুথিখনত উক্ত কবিতাটি অন্তৰ্ভুক্ত হৈ আছে৷ৰঙিয়া মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত মেজৰ সহ স্নাতক পৰীক্ষাত উত্তীৰ্ণ মোস্তাকিনুৰে সম্প্ৰতি ধুহি নৱোদয় জাতীয় বিদ্যালয়ত শিক্ষকতা কৰি আছে৷তেওঁ বালিসত্ৰ নিবাসী আবেদুৰ ৰহমান আৰু চাহাৰ বানুৰ পুত্ৰ৷যুৱকজনৰ সাফল্যত ধুহি আছুকে ধৰি বহুতো দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে৷

Your Comments