'বিশ্ব ডায়েবেটিছ দিৱস'ত ১৪ নৱেম্বৰত হায়াত হাস্পতালৰ মাৰথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন

Pic

জনসাধাৰণৰ মাজত মধুমেহ(ডায়েবেটিছ)ৰ সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বিগত বর্ষসমূহৰ দৰে এইবাৰো হায়াত হাস্পতালে  বিশেষ।  আয়োজন  কৰিছে।বিশ্ব
ডায়েবেটিছ দিৱসৰ সৈতে সংগতি ৰাখি অহা ১৪ নৱেম্বৰত  হাস্পতালখনে  আয়োজন   কৰিছে  মাৰাথান দৌৰৰ প্ৰতিযোগিতাৰ। এই কথা শুকুৰবাৰে গুৱাহাটী প্ৰেছ  ক্লাবত সংবাদমেল সম্বোধন কৰি জানিবলৈ দিয়ে হায়াত হাস্পতালৰ মুখ্য মহাপ্ৰৱন্ধক অয়স্কান্ত চক্ৰৱৰ্তীয়ে।জনস্বাস্থ্যৰ প্ৰতি ভয়াৱহ ভাবুকি কঢ়িয়াই অনা ডায়েবেটিছে এতিয়া সমগ্ৰ বিশ্বতে সৃষ্টি কৰিছে সন্ত্ৰাস।যাৰ প্ৰভাৱ এতিয়া অসমতো ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে।তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে হাস্পতালখনে উক্ত দিনটোত পুৱা ৫ বজাৰ পৰা দুটা শাখাত অনুষ্ঠিত কৰিব সজাগতামূলক মাৰাথান প্ৰতিযোগিতা।৫ কিঃমিঃ আৰু ১০ কিঃমিঃ দুটা শাখাত অনুষ্ঠিত কৰিব লগা মাৰাথান প্ৰতিযোগিতা আৰম্ভ হ'ব খানাপাৰাস্থিত অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা।প্ৰতিযোগিতা অংশগ্ৰহণ কৰাৰ বাবে হায়াত হাস্পতালৰ ফালৰ পৰা run.hayathospital.in যোগে পঞ্জীয়ন কৰাৰ সুবিধা কৰিছে।বৰ্তমান প্ৰায় ১৬শ প্ৰতিিযোগীয়ে নাম পঞ্জীয়ন কৰা বুলি উল্লেখ কৰে হাস্পতাল কতৃপক্ষই।

ইফালে,সংবাদমেলত হায়াত হাস্পতালৰ ফেচিলিটী সঞ্চালক ডঃ পুণ্যব্ৰত মুখাৰ্জীয়ে কয়-'ডায়েবেটিছ নিৰাময়ৰ সু-চিকিৎসা  উদ্ভভাৱ  হোৱা নাই যদিও চিকিৎসকৰ পৰামৰ্শ মানি চলিলে এই ৰোগ নিয়ন্ত্ৰণ কৰিব পাৰি।ইয়াৰ উপৰিও ৰোগবিধ বংশানুক্ৰমিক হোৱাৰ বাবে যি পৰিয়ালত এই ৰোগ আছে তেওঁলোক অধিক সচেতন হ'ব লাগে।লগতে তেওঁ কয় যে  ডায়েবেটিছৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ 'প্ৰতিদিনে কৰিব   লাগে শাৰীৰিক ব্যায়াম।নিয়মিতভাৱে   খোৱা-বোৱা কৰাৰ লগতে ৰাতি মাছ-মাংস পৰিহাৰ কৰিব লাগে।ইয়াৰ উপৰিও জাংক ফুডজাতীয় খাদ্যসমূহ  পৰাপক্ষত এৰাই চলিলে এই ৰোগৰ পৰা বাচি থাকিব পাৰি।'

উল্লেখ্য যে সংবাদমেলখনত উপস্থিত থাকে হায়াত হাস্পতালৰ মহাপ্ৰৱন্ধক পৰাগজ্যোতি দত্ত, জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ।

Your Comments