শুৱালকুছিৰ পৰা মৃৃৃণাল ডেকা:
ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশৰ স্বাৰ্থত বংশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হাতেলিখা আলোচনী 'পোহৰ'ৰ প্ৰথম সংখ্যা বৃৃহস্পতিবাৰে বিদ্যালয়ৰ অধ্যক্ষ মনোৰঞ্জন বৈশ্যই আনুষ্ঠানিকভাৱে উম্মোচন কৰে ৷আলোচনীখন উম্মোচন কৰি ভাষণত তেওঁ কয় যে হাতে লিখা আলোচনী পোহৰে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক বিকাশ কৰিব৷
উল্লেখযোগ্য যে বিদ্যালয়ৰ বাৰ্ষিক মুখপত্ৰ 'কল্পতৰু',প্ৰাচীৰ পত্ৰিকা 'বাঁঁহী'ৰ পিছত হাতে লিখা আলোচনী 'পোহৰ'প্ৰকাশ পালে।আজিৰ অনুষ্ঠানত আলোচনীখনৰ তত্ত্বাৱধাক অঞ্জন কলিতা , শিক্ষক বিপিন বৈশ্য , পৰমানন্দ দাস , গণেশ বৈশ্য আদিকে ধৰি ভালেকেইজন শিক্ষক উপস্থিত থাকে ৷
মৃণাল ডেকা ৷শুৱালকুছি
- Log in to post comments
- 303 views