নৰেন শৰ্মা,বাহাৰঘাট:
নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বৰভাগৰ পাণ্ডুলাস্থিত দামোদৰধামত ৬৬ সংখ্যক সাৰ্বজনীন ৰাস মহোৎসৱ অহা ১০ নৱেম্বৰৰ পৰা পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে উদযাপন কৰাৰ আয়োজন কৰা হৈছে।
ইয়াৰে প্ৰথম দিনা পুৱা অধিবাস। দ্বিতীয় দিনা ধৰ্মীয় ধ্বজা উত্তোলন কৰিব ধাম পৰিচালনা সমিতিৰ সভাপতি তথা স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ উদ্বোধন কৰিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসমৰ ক্ষেত্ৰ বৌদ্ধিক প্ৰমুখ তীৰ্থাংকৰ দাস কলিতাই। সন্ধিয়া বন্তি প্ৰজ্বলন আৰু ৰাসমঞ্চ উদ্বোধন কৰিব ধাম পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি কুশল কুমাৰ তালুকদাৰে। নৱনিৰ্মিত কীৰ্ত্তন ঘৰৰ দ্বাৰ মুকলি কৰিব স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। সন্ধিয়া ৰাস উদ্বোধনী সভাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব ধামৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ৰজত চন্দ্ৰ কলিতাই। তৃতীয় দিনা দিনৰ ভাগত আয়তীৰ নাম-প্ৰসংগ আৰু সন্ধিয়া নাগাৰা নাম প্ৰদৰ্শন। চতুৰ্থ দিনা অসমীয়া গীতৰ আধাৰত একক আধুনিক নৃত্য প্ৰতিযোগিতা উদ্বোধন কৰিব বিশিষ্ট চিকিৎসক ডাঃ কামেশ্বৰ লহকৰে। ৰাস মহোৎসৱৰ শেষৰ নিশা আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক এনিশা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক কনক চন্দ্ৰ লহকৰে। ইয়াৰ পিছতে ৰাস মহোৎসৱৰ সামৰণি পৰিব। নৃত্য প্ৰতিযোগিতাৰ প্ৰথম পুৰষ্কাৰ ৰঞ্জিত বেজ আৰু অময়া বেজৰ সোঁৱৰণত ৩০০১ টকা, দ্বিতীয় পুৰস্কাৰ মথুৰা ডেকাৰ সোঁৱৰণত ২০০১ টকা আৰু তৃতীয় পুৰষ্কাৰ কালিৰাম কলিতা আৰু চণ্ডীপ্ৰিয়া কলিতাৰ সোঁৱৰণত ১০০১ টকা প্ৰদান কৰা হ'ব।
- Log in to post comments
- 22 views