গোলাঘাটৰ প্ৰতিবেদক:
অসম চৰকাৰে সাঁচিগছ ব্যৱসায়ক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰি গোলাঘাট জিলাত সাঁচিগছ ব্যৱসায়ৰ বৃহৎ বাণিজ্যিক কেন্দ্ৰ প্ৰতিষ্ঠা কৰাৰ পিছতে বুধবাৰে গোলাঘাটত অনুষ্ঠিত কৰা হয় বৃহৎ সাঁচি কৃষক সমাৰোহৰ । গোলাঘাট জিলা সাঁচি ব্যৱসয়ী সংস্থা গোলাঘাট জিলা সমিতি আৰু সদৌ সাঁচি খেতিয়ক সংস্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা কৃষক সমাৰোহত অসমৰ প্ৰতিখন জিলাৰ সাঁচি ব্যৱসায়ী আৰু খেতিয়ক সংস্থাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। গোলাঘাট এমেচাৰ থিয়েটাৰ চ'চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সমাৰোহখনত মুখ্য অতিথিৰ আসন অলংকৃত কৰি অসম চৰকাৰৰ জলসিঞ্চন আৰু ৰাজহ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ভৱেশ কলিতাই কয় যে অসমত কৃষিত সম্ভাবনা ক্ৰমাৎ উজ্জল হ'বলৈ ধৰিছে । অসমৰ সাঁচি খেতিয়কসকলৰ বাবে বুধবাৰৰ। দিনটো 'টাৰ্নিং ডে' বুলি মন্তব্য কৰি মন্ত্ৰীজনে আশা কৰে যে সাঁচিৰ খেতিৰে অসমত অন্য এক কৃষি বিপ্লৱৰ সূচনা হব । সাঁচি খেতিক চৰকাৰীভাৱে স্বীকৃতি প্ৰদান কৰাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ দি মন্ত্ৰীগৰাকীয়ে উপস্থিত কৃষকসকলক আমি বিক্ৰেতা হ'ব লাগিব বুলি উল্লেখ কৰে।নিৰ্দিষ্ট বক্তাৰূপে সমাৰোহত বক্তব্য প্ৰদান কৰে অসম ক্ষেত্ৰৰ বৌদ্ধিক প্ৰমুখ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তীৰ্থংকৰ দাস কলিতাই।তেওঁ কৃষক ৰাইজক মৰ্যাদা প্ৰদান কৰিবলৈ আহ্বান জনাই সংকোচবিহীনভাৱে কৃষিত নিয়োজিত হবলৈ আহ্বান জনায় । বৃটিছে নিজৰ মুনাফা আদায় কৰিবলৈ সৃষ্টি কৰা আইন সম্পৰ্কীয় বাধাসমূহ আঁতৰোৱাৰ সময় আহি পৰিছে বুলি আশা ব্যক্ত কৰে যে আগৰ খেতিয়ে সকলোকে মৰ্যাদাসহ জীৱন ধাৰণত সহায় কৰিব।সমাৰোহত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ,লাহোৱাল সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা,বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,সোণাৰি সমষ্টিৰ বিধায়ক নৱনীতা সন্দিকৈয়ে বক্তব্য প্ৰদান কৰি সাঁচি কৃষি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাত গুৰুত্ব প্ৰদান কৰে।সমাৰোহখনত আদৰণি ভাষণ দিয়ে অসম সাঁচি ব্যৱসায়ী সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ঋষিৰাজ হাজৰিকাই।সাঁচি কৃষক সমাৰোহৰ আহ্বায়ক প্ৰণৱ চক্ৰৱৰ্তীয়ে আঁত ধৰা সমাৰোহখনত অসম সাঁচি ব্যৱসায়ী সংস্থাৰ আহ্বায়ক বিকাশ বৰাই সাঁচি কৃষি সম্পৰ্কত বাখ্যা আগবঢ়ায়। সন্মানীয় বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে অখিল ভাৰতীয় গো-ৰক্ষা মহামন্ত্ৰী উমেশ পাড়োৱাল।সভাত সাঁচি কৃষক সংস্থাৰ উপদেষ্টা আনন্দ দাস,জিলা সংস্থাৰ সভাপতি সৌমিত্ৰ গোস্বামী উপস্থিত আছিল । সভাত সংস্থাৰ প্ৰতীক চিহ্ন উন্মোচন কৰে মন্ত্ৰী ভৱেশ কলিতা আৰু লেখক তীৰ্থংকৰ দাস কলিতাই।শলাগৰ শৰাই আগবঢ়াই অভিজিত বৰাই ।
- Log in to post comments
- 20 views