প্ৰাপ্য বিচাৰি অৱস্থান ধৰ্মঘট কটন বিশ্ববিদ্যালয়ৰ ২৮৩ গৰাকী অনা-শিক্ষণ কৰ্মচাৰীৰ

Pic

অখিল ভাৰতীয় বিশ্ববিদ্যালয় মহাসংঘৰ আহ্বান মৰ্মে বুধবাৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘটত বহিল কটন বিশ্ববিদ্যালয় অনা-শিক্ষণ কৰ্মচাৰী সন্থা।ঐতিহাসিক উচ্চ শিক্ষা প্ৰতিষ্ঠানখনৰ চৌহদত থকা মাণিক চন্দ্ৰ বৰুৱা প্ৰশাসনিক ভৱনৰ সন্মুখত কৰ্মচাৰীসকলৰ পাঁচ দফীয়া দাবীক লৈ সাব্যস্ত কৰে এই অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী।

উল্লেখ্য যে বিশ্ববিদ্যালয়খনৰ ২৮৩ গৰাকী অনা-শিক্ষণ কৰ্মচাৰীয়ে সাব্যস্ত কৰা অৱস্থান ধৰ্মঘট কার্যসূচীত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয় কৰ্মচাৰী সংগঠনৰ জনসম্পৰ্কৰক্ষী সম্পাদক কংকন বৰদলৈয়ে দাবীসমূহ উল্লেখ কৰি কয় যে ভাৰত চৰকাৰৰ নতুন শিক্ষানীতি বাতিল কৰি তাক সংশোধনৰ ব্যৱস্থা কৰাৰ প্ৰায়োজন।বিশ্ববিদ্যালয়সমূহত কৰ্মৰত অনা-শিক্ষণ কৰ্মচাৰীসকলৰো  দৰমহা গাঁথনি বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত ব্যৱস্থা কৰাৰ দৰকাৰ।বিশ্ববিদ্যালয়ৰ অনাশিক্ষণ কৰ্মচাৰীসকলক বিশ্ববিদ্যালয়ৰ নীতি-নিৰ্বাহক কমিটীসমূহত প্ৰতিনিধিত্বৰ ব্যৱস্থা কৰাৰ দৰকাৰ বুলি তেওঁ কয়।বৰ্তমান কাৰ্যকৰী হৈ থকা নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন আঁচনি বাহাল ৰখাৰ দাবীও কৰে বৰদলৈয়ে।

লগতে বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলৰ স্বাস্থ্য বীমা বা কেচলেচ স্বাস্থ্য যতনৰ সুবিধা প্ৰদান ব্যৱস্থা কৰাৰ দাবীও তেওঁ উত্থাপন কৰে।উল্লেখযোগ্য যে বৰ্তমান সময়ত কৰ্মচাৰীসকলে প্ৰতি মাহত স্বাস্থ্যৰ নামত ৬০০ টকাকৈ লাভ কৰি আহিছে।

গুৰুত্বপুৰ্ণ কথা এই যে বিশ্ববিদ্যালয়ত কাম কৰি থকা অনা-শিক্ষণ কৰ্মচাৰীসকলে দৰমহা বৰ্তমান সময়ত ৰাজ্য চৰকাৰৰ  দৰমহাৰ গাথঁনিত লাভ কৰি আহিছে।সেইবাবে তেওঁলোক বিশ্ববিদ্যালয় অনুদান আয়োগৰ  নিৰ্ধাৰিত দৰমহা গাথঁনি সমগ্ৰ দেশতে    কাৰ্যকৰী কৰিব লাগে বুলি তেওঁলোকে দাবী জনায়।

ইফালে বুধবাৰৰ অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচীৰ ফলত পুৱা ১১ বজাৰ পৰা দুই ঘণ্টাৰ বাবে বন্ধ হৈ পৰে স্বাভাৱিক কাম-কাজ।আনহাতে কাৰ্যসূচীৰ অন্তত  কৰ্মীসকলে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ জড়িয়তে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।লগতে কয় যে স্মাৰকপত্ৰৰ ফলৰ ওপৰত নিৰ্ভৰ কৰিব পৰৱৰ্তী কাৰ্যসূচী কি হ'ব।

অৱস্থান ধৰ্মঘ্ট কাৰ্যসূচীত অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সন্থাৰ সভাপতি অপূৰ্ব শৰ্মা,সম্পাদক তন্ময় নাথ প্ৰমুখ্যে কৰ্মচাৰীসকলে।

Your Comments