বঙাইগাঁৱৰ প্ৰতিবেদক:
ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱস বঙাইগাঁৱত পালন কৰা হয় ৷ বঙাইগাঁও চহৰৰ বৰপাৰা ৰাজহুৱা খেলপথাৰত বঙাইগাঁও জিলা শিল্পী সমাজৰ উদ্যোগত আৰু ল'ৱাৰ আসাম ছাউণ্ড এছোচিয়েচনৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰা সুধাকণ্ঠৰ অষ্টম বাৰ্ষিক মৃত্যু দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বঙাইগাঁও জিলা শিল্পী সমাজৰ সভাপতি দীপক দাসে ৷
পতাকা উত্তোলনৰ লগত সংগতি ৰাখি শিল্পী সমাজৰ বিষয় সংগীত পৰিৱেশন কৰা হয় ৷ শিল্পী সমাজৰ শিল্পীসকলে বিষয় সংগীতটো পৰিৱেশন কৰাৰ পিচতে ল'ৱাৰ আসাম ছাউণ্ড এছোচিয়েচনৰ পতাকা উত্তোলন কৰে উপ-সভাপতি কৰিম বক্সে।আনহাতে,সুধাকণ্ঠৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি সুধাকণ্ঠলৈ শ্ৰদ্ধাঞ্জলি জনাই বঙাইগাঁও জিলাৰ আৰক্ষী অধীক্ষক সুবোধ কুমাৰ সোণোৱালে ৷ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ, বঙাইগাঁও জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী লীনা সিংহ আদি উপস্থিত থাকি ভাৰতৰত্নগৰাকীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনায় ৷ইফালে,এই কাৰ্যসুচীৰ পিচতে মঞ্চ উদ্বোধন কৰে কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ সভাপতি সত্য নাৰায়ণ ৰায়ে ৷ মঞ্চ উদ্বোধনৰ পিচতে শিল্পী সমাজৰ শিল্পীসকলে সমবেত কণ্ঠত ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰে ৷ ইয়াৰ পিচতে ভাগৱত পাঠ , ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা (সদস্য ভিত্তিক) আৰু আবেলি ভূপেন হাজৰিকাৰ গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়(ক আৰু খ শাখা)৷ দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি বিশেষ সম্বৰ্ধনা অনুষ্ঠানত অভয়াপুৰীৰ বিশিষ্ট সংগীত শিল্পী ধৰণী বণিক্যক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ আনহাতে সন্ধিয়া বঁটা বিতৰণী আৰু ন- পুৰণি শিল্পীৰ দ্বাৰা ভূপেন হাজৰিকাৰ গীত পৰিৱেশন কৰা হয় ৷আনহাতে,বৃহত্তৰ উত্তৰ বঙাইগাঁও জ্যেষ্ঠ নাগৰিক সন্মিলনীৰ উদ্যোগত আৰু অসম কৃষ্টি বিকাশ সংঘৰ সৌজন্যত কৃষ্টি বিকাশ সংঘত ভাৰতৰত্ন ড:ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰা হয়।
- Log in to post comments
- 12 views