মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ধন ঘূৰাব পৰা নাই:দেশৰ ৰাষ্ট্ৰপতিলৈ ইচ্ছামৃত্যুৰ আবেদন চৰাইদেউৰ মুকুল খাখলাৰীৰ 

Pic

সোণাৰিৰ পৰা ঘন বৰা:

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ধন ঘূৰাব নোৱাৰি ইচ্ছামৃত্যুৰ বাবে এজন ব্যক্তিয়ে আবেদন জনাইছে চৰাইদেউত। চৰাইদেউ জিলা উপায়ুক্তৰ যোগেদি ৰাষ্ট্ৰপতিলৈ আত্মঘাতী হোৱাৰ বাবে আবেদন জনালে সোণাৰিৰ মুকুল খাখলাৰীয়ে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ পেৰালাইচিছত আক্ৰান্ত হৈ থকাৰ সময়তে পত্নী ৰীতা গগৈয়ে বন্ধন, সমস্তা, এক্সিছ, এলএনটি আদি চাৰিটা মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণ লৈ চিকিৎসাত খৰচ কৰিছিল।

Pic

ইফালে, চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পিছত ঋণৰ ধন ঘূৰাবলৈ নোৱাৰাত বিত্তীয় প্ৰতিষ্ঠানৰ পৰিচালক তথা গোটসমূহৰ সদস্যাসকলে ধনৰ কিস্তি ঘূৰাই দিবলৈ তাগিদা দিয়ে বুলি অভিযোগ উত্থাপন কৰিছে খাখলাৰীয়ে। আনহাতে,গোটৰ পইচা ঘূৰাব নোৱাৰিলে তাৰ বিনিময়ত ঘৰৰ সম্পত্তি,গৰু-ছাগলী আদি বিচাৰি মানসিক অত্যাচাৰ কৰাত যোৱা ৭ চেপ্তেম্বৰত মুকুল খাখলাৰীৰ পত্নী ৰীতাই খৰি বিচাৰি ওলাই যাওঁ বুলি কৈ ঘৰলৈ উভতি নাহিল। ফলত এতিয়া পৈত্ৰিক সম্পত্তি বিক্ৰি কৰিও ঋণৰ ধন ঘূৰাবলৈ নোৱাৰাত সমস্যাৰ সন্মুখীন হৈছে ৰোগাক্ৰান্ত মুকুল খাখলাৰী। ইয়াৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে চৰাইদেউ জিলাৰ উপায়ুক্তৰ জৰিয়তে ইচ্ছামৃত্যু বিচাৰি ৰাষ্ট্ৰপতিলৈ আবেদন জনায় খাখলাৰীয়ে।

Your Comments