চৰাইদেউ জিলাত শিক্ষামন্ত্ৰীৰ নিৰ্দেশক ভেঙুচালি কৰি মধ্যাহ্ন ভোজনৰ নামত চূড়ান্ত মইমতালি দায়িত্বপ্ৰাপ্ত এনজিঅ'ৰ

Pic

সোণাৰিৰ পৰা ঘন বৰা:

চৰাইদেউ জিলাৰ বহু বিদ্যালয়ে গ্ৰহণ কৰা নাই মধ্যাহ্ন ভোজন ৷নিম্ন মানেৰে  প্ৰস্তুত কৰা খাদ্য উপযুক্ত নোহোৱাৰ বাবেই ঘূৰাই পঠিয়াইছে ৷ইফালে সময়তকৈ বহুত আগতেই কিছু বিদ্যালয়লৈ আহিছে মধ্যাহ্ন ভোজনৰ খাদ্য। চৰাইদেউ জিলাৰ বিভিন্ন বিদ্যালয়ত পুৱা ৯ বজাৰ পিছতেই এনজিঅ'ই বিতৰণ কৰিলে খাদ্য। আনহাতে জোখতকৈ বহুত কম পৰিমাণৰ খাদ্য যোগানৰ অভিযোগ উত্থাপন কৰিছে বিদ্যালয়সমূহৰ কৰ্তৃপক্ষই।জানিব পৰা মতে মাইক্ৰ এডুকেশ্বন এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ছ'চাইটি নামৰ এনজিঅ'টোৱে চৰাইদেউ জিলাৰ বিদ্যালয়সমূহত খাদ্য যোগান ধৰাৰ নিবিদা লাভ কৰিছিল।

Pic

১ নৱেম্বৰৰ পৰা খাদ্য যোগান ধৰিবলৈ চুক্তিবদ্ধ হোৱা এনজিঅটোৱে ৪ নৱেম্বৰলৈকে খাদ্য যোগান ধৰা নাছিল। ইফালে মঙলবাৰে পুৱাই উন্মুক্ত বাহনত কঢ়িয়াই নিয়ে খাদ্যসমূহ ৷ খাদ্য কিমান উপযোগী তাৰো সন্দেহ হৈছে সম্প্ৰতি। যাৰ ফলত এতিয়া স্বয়ং শিক্ষামন্ত্ৰীৰ নিৰ্দেশক অমান্য কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

Your Comments