বিজনীত সুধাকণ্ঠ ভাৰতৰত্ন ড: ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী পালন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

চিৰাং জিলাৰ বিজনী জয়কিষাণ ক্লাবৰ উদ্যোগত জয়কিষাণ ক্লাবৰ বাকৰিত মঙলবাৰে ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী দিনযোৰা কাৰ্যসূচীৰে  পালন কৰা হয়।এই উপলক্ষে পুৱাৰ ভাগত ডঃভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জনায় জিলাৰ অতিৰিক্ত উপাযুক্ত তথা বিজনী মহকুমাৰ মহকুমাধিপতি দিঠকানন্দ হাজৰিকাই ৷ তেওঁ লগতে সুধাকণ্ঠৰ 'মানুহে মানুহৰ বাবে' শীৰ্ষক কালজয়ী গীতটি সমবেত কণ্ঠত পৰিবেশন কৰে । ইয়াৰ পিচতে স্মৃতিচাৰণ সভা অনুষ্ঠিত হয় । দুপৰীয়া ছাত্ৰ- ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু আবেলি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয় । আনহাতে, সন্ধিয়া অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া ৷ ইফালে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে বিজনী প্ৰেছ ক্লাবতো সুধাকণ্ঠক স্মৰণ কৰা হয়। এই উপলক্ষে বিজনী প্ৰেছ ক্লাবৰ সভাপতি হেমেন শৰ্মাই সুধাকণ্ঠৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি মাল্যাৰ্পন কৰে । অনুষ্ঠানত প্ৰেছ ক্লাবৰ লগতে বিজনী জাৰ্ণেলিষ্ট ফ'ৰামৰ সদস্য সকল আৰু আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য পাৰ্থজিৎ ৰায় উপস্থিত থাকে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰা হয় ৷ 

Your Comments