মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
'দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতবৰ্ষক বিশ্বগুৰু আসনত স্থাপন কৰিব বিচৰা সপোনক বাস্তৱিক ৰূপ দিবলৈ হ'লে কৃষকে মুখ্য ভূমিকা পালন কৰিবই লাগিব'-এই মন্তব্য ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ। কৃষিখণ্ডৰ সমবিকাশত অধিক গুৰুত্ব প্ৰদান কৰি মৰিগাঁও জিলাক আদৰ্শ জিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ প্ৰয়াস কৰা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মঙলবাৰে মৰিগাঁও জিলা পৰিদৰ্শন কৰি কৃষকসকলৰ অভাৱ- অভিযোগ তথা সমস্যাসমূহৰ বুজ লয়। মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত গ্ৰহণ কৰা উক্ত কাৰ্যসূচীত মৰিগাঁৱৰ বঘৰাৰ সমীপৰ শুকনাগোগত থকা ভূপেন ডেকাৰ ছাগলী ফাৰ্ম আৰু ঔজাৰীত থকা এৰি ফাৰ্ম পৰিদৰ্শন কৰি ৰাজ্যপালগৰাকীয়ে ইয়াৰ সমস্যাসমূহ বুজ লোৱাৰ লগতে কৃষকসকলৰ মাজত থকা সমস্যাসমূহ বিভাগীয়ভাৱে সমাধান কৰি অধিক উৎপাদনমুখী কৰাত মনোনিৱেশ কৰিবলৈ আহ্বান জনাই। ইয়াৰ মাজতে ৰাজ্যপালগৰাকীয়ে জিলা উপায়ুক্তৰ সভাকক্ষত এখন সংবাদমেল সম্বোধন কৰি কয় -'যেতিয়ালৈকে দেশৰ কৃষকে নিজৰ কৃষি উৎপাদন দুগুণলৈ বৃদ্ধি কৰিবলৈ সক্ষম নহয়,তেতিয়ালৈকে ভাৰতবৰ্ষই বিশ্বগুৰু আসনত স্থান লাভ কৰাটো সম্ভৱ নহ'ব। সেয়ে এই লক্ষ্য আগত ৰাখিয়েই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে কৃষিক্ষেত্রৰ উন্নয়নত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি বিভিন্ন আঁচনি গ্ৰহন কৰিছে। ২০১৭ চনৰ তুলনাত ২০২২ চনত অসমত কৃষকৰ আয় দুগুণলৈ বৃদ্ধি কৰোৱাৰ চৰকাৰে যি পৰিকল্পনা গ্ৰহণ কৰিছে,সেই ক্ষেত্ৰত মৰিগাঁও জিলাক মই ব্যক্তিগতভাৱে অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছোঁঁ। কৃষি ক্ষেত্রত মৰিগাঁও জিলাই যাতে আদৰ্শ জিলা হিচাপে স্থান লাভ কৰে,তাৰ প্ৰাৰম্ভিক পদক্ষেপ হিচাপে জিলাখনৰ সকলো বিভাগীয় বিষয়াৰ সৈতে যুটীয়াভাৱে সভাত মিলিত হৈছোঁঁ। কিয়নো সকলো বিভাগে নিজা-নিজা স্থানৰ পৰাই কাম কৰি আছে যদিও যেতিয়ালৈকে সকলো বিভাগে একেলগে মিলি কাম নকৰে, তেতিয়ালৈকে কৃষকসকলে উন্নয়নৰ মুখ দেখিবলৈ সক্ষম নহয়। সেয়ে আজি আমি প্ৰথমবাৰৰ বাবে সকলো বিভাগকে এক কৰি লৈছোঁঁ। কৃষকসকলে অধিক উৎপাদন কৰাৰ ক্ষেত্রত কৃষি বিভাগে প্ৰয়োজনীয় সকলো ধৰণৰ সুবিধাৰ উপৰি ক্ৰয়-বিক্ৰয়ৰ বাবে বজাৰকে ধৰি কৃষকক প্ৰয়োজনীয় সকলো সা-সামগ্ৰী যোগান ধৰা আৰু বছৰটোত দুই-তিনিটা খেতি কৰিব পৰাকৈ কৃষক সকলক সাজু কৰি তুলিব লাগিব'। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা, ৰাজভৱনৰ অতিৰিক্ত সচিব স্বপ্না দত্ত,ৰেচম বিভাগৰ সঞ্চালক মুক্তা শইকীয়া,পশুপালন বিভাগৰ সচিব কে নাথ,মৰিগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা,জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কিশোৰ ঠাকুৰীয়া,অতিৰিক্ত উপায়ুক্ত ডা: তহিদুৰ ৰহমান,লক্ষীনন্দন চহৰীয়া,অৰূপ পাঠক,অতিৰিক্ত আয়ুক্ত দেৱাহুতি ডেকা আদি কৰি জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলে অংশগ্ৰহণ কৰা সংবাদমেলখনত ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মৰিগাঁৱৰ কৃষি খণ্ডক অধিক উৎপাদনশীল কৰি তোলাত নিজে পৰ্যবেক্ষক হিচাপে কাম কৰি ছয় মাহৰ মূৰে মূৰে মৰিগাঁৱৰ কৃষকৰ সমস্যাৰ বুজ লৈ থাকিব বুলি দোহাৰি ৰাজ্যপালে কয়-'এই ক্ষেত্ৰত মৰিগাঁৱৰ বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত আমাৰ বিশ্বাস আছে,তেওঁলোকে নিষ্ঠাৰে সেৱা আগবঢ়াব।বিষয়া-কৰ্মচাৰীসকলৰ লগতে কৃষকসকলৰো ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ খুবেই প্ৰয়োজন হ'ব'।কৃষি হৈছে বিশ্বৰ অতি লাভজনক ব্যৱসায়।সেয়ে মৰিগাঁৱৰ কৃষি ক্ষেত্রৰ উপাৰ্জন দুগুণলৈ বৃদ্ধি কৰাৰ ক্ষেত্রত যিমান পাৰোঁঁ সিমানেই সহযোগিতা আগবঢ়াই যাম বুলি মন্তব্য কৰি সকলোৰে সহায়-সহযোগিতা কামনা কৰে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।
উল্লেখ্য যে ঔজাৰী এৰি ফাৰ্মত ২৫ গৰাকী মহিলাক এৰি কটা মেচিন,জিলা উপায়ুক্ত কাৰ্যালয়ত কৃষি বিভাগৰ দ্বাৰা পাৱাৰ টিলা,দীপ বাহন,উন্নত জাতৰ বীজ,ইলেকট্ৰিক ৱাটাৰ পাম্প আদি কৃষকৰ মাজত ৰাজ্যপালগৰাকীয়ে বিতৰণ কৰে।তদুপৰি,পবিতৰা হাটত অনুষ্ঠিত পশুপালক আৰু কলা বীথিকাৰ প্ৰেক্ষাগৃহত মৎস্য পালকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীতো ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰি তেওঁলোকৰ সমস্যাসমূহৰ বুজ লোৱাৰ লগতে মৰিগাঁও পশুপালন বিভাগৰ দ্বাৰা পৰিচালিত গাহৰি ফাৰ্মখনো পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে।
- Log in to post comments
- 19 views