তাজমহলত বোমাতঙ্ক সন্দৰ্ভত চাঞ্চল্যৰ সৃষ্টি হৈছে সম্পূৰ্ণ এলেকাত। বন্ধ কৰি দিয়া হৈছে মুখ্য দ্বাৰ। খালী কৰি দিয়া হৈছে গোটেই তাজমহল চৌহদ।
তাজমহলৰ অভ্যন্তৰত থাকিব পাৰে বোমা। সেই সম্পর্কে তথ্য পোৱাৰ পিছতেই চিআইএছএফ কর্মীসকল জৰুৰীকালীন ভাৱে তাজমহলত উপস্থিত হৈ পর্যটকসকলক বাহিৰ কৰি দিয়ে। অজ্ঞাত এক ব্যক্তিয়ে ফোন যোগে বিস্ফোৰক ৰখাৰ তথ্য দিয়া বুলি জানিব পৰা গৈছে। ইতিমধ্যে, ঘটনাস্থলীত উপস্থিত হৈছে বোম স্কোৱাড। আৰক্ষীয়ে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ সহায়েৰে চলাইছে অনুসন্ধান। তাজমহল এলেকাত সতর্কতা জাৰি কৰা হৈছে।
জানিব পৰা গৈছে, এটা পৰিত্যক্ত বেগক কেন্দ্ৰ কৰি সন্দেহৰ সৃষ্টি হয়। লগে লগে চিকিউৰিটিক সেই বেগ সম্পর্কে জনোৱা হয়। ইয়াৰপিছতেই পর্যটকসকলক বাহিৰ কৰা হয়। সম্পূৰ্ণ তাজমহল খালী কৰি দিয়া হয়। সকলো গেট বন্ধ কৰি দিয়া হয়। কিন্তু আৰক্ষীৰ ফালৰপৰা এতিয়াও কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই।
- Log in to post comments
- 24 views