দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ভাৰত বন্ধৰ প্ৰভাৱ

ভাৰত বন্ধ

ভাৰতবৰ্ষৰ ব্যৱসায়িক সংগঠন আৰু কেইবাটাও পৰিবহণ সংগঠনে শুক্ৰবাৰে আহ্বান কৰিছে ভাৰত বন্ধ । জি এছ টি নিয়মৰ পৰ্যালোচনাৰ দাবীত কনফেডাৰেচন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে শুক্ৰবাৰে পুৱা ৬ বজাৰ পৰা ৰাতি ৮ বজালৈকে এই বন্ধ ঘোষণা কৰে।

ভাৰতৰ সকলো ৰাজ্যৰ বেছিসংখ্যক ব্যৱসায়িক সংগঠনে এই বন্ধক সমৰ্থন কৰাৰ উপৰিও অসমৰ অসম জাতীয় পৰিষদ, কামৰূপ চেম্বাৰ্ছ অফ কৰ্মাৰ্ছেও এই বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছে । শুক্ৰবাৰে পুৱাৰে পৰা দেশৰ বিভিন্ন প্ৰান্তত ভাৰত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে । এই বন্ধৰ প্ৰভাৱ পৰিছে অসমতো ৷ 

Your Comments