প্ৰবীণ শিল্পী কুল বৰুৱা আৰু নাই

Kula Baruah

বিশিষ্ট শিল্পী কুল বৰুৱা আৰু নাই।গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজা বাসগৃহত বুধবাৰে নিশা ১২ বজাত শেষ নিশ্বাস ত্যাগ কৰে শিল্পী গৰাকীয়ে। অসমীয়া সাংস্কৃতিক জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা শিল্পী গৰাকীৰ মৃত্যু অসমীয়া সাংস্কৃতিক জগতৰ বাবে অপুৰণীয় ক্ষতি।

গীতিকাৰ-সুৰকাৰ ৰূপে খ্যাত বৰুৱাৰ জন্ম হৈছিল ১৯৩৮ চনত গুৱাহাটীত। পিতৃৰ কৰ্ম সূত্ৰে তেজপুৰতে শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল তেওঁ। কটন কলেজিয়েট হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ গুৱাহাটীৰ বি .বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।

কলেজীয়া জীৱনৰ পৰাই গীত গোৱা বৰুৱা ১৯৬৮ চনৰ পৰা আকাশবাণীৰ স্থায়ী শিল্পী হিচাপে স্বীকৃতি পাইছিল ৷ 'বৃষ্টি' অসমীয়া ছবিৰ জৰিয়তে প্ৰথম গীত বাণীবদ্ধ কৰিছিল বৰুৱাই।

Your Comments