২০১৭ চনৰ মধ্য প্ৰদেশৰ পৰীক্ষা কেলেংকাৰীত জড়িত আছিল দুজন অসমীয়া; চিবিআইৰ জালত ভাস্কৰ মেধি আৰু মনোজ বৰা !

NIOS

২০১৭ চনৰ সমগ্ৰ দেশ জোঁকাৰি যোৱা মধ্য প্ৰদেশৰ পৰীক্ষা কেলেংকাৰীৰে জড়িত হৈ আছে দুজন অসমৰ লোক । শেহতীয়াকৈ তদন্তকাৰী সংস্থা Central Bureau of Investigation চমুকৈ চিবিআইয়ে দাখিল কৰা অতিৰিক্ত অভিযোগনামাত নাম অন্তৰ্ভুক্ত হৈছে দুজন অসমীয়া লোকৰো।

ভূপালৰ চিবিআইৰ বিশেষ ন্যায়াধীশৰ আদালতত সংস্থাটোৱে দাখিল কৰা চার্জশ্বীটত অভিযুক্ত হিচাপে চিহ্নিত হৈছে মনোজ জ্যোতি বৰা আৰু ভাস্কৰ মেধিৰ নাম। অভিযুক্ত আন কেইজন হৈছে আশীষ মাছে, ৰাজেশ কুমাৰ, সন্দীপ কুমাৰ, ধনী ৰাম, ৰাহুল কুমাৰ আৰু অনিশ কুমাৰ যাদৱ ৷

NIOS

২০১৭ চনৰ এপ্ৰিল মাহত National Institute of Open School (NIOS)এ অনুষ্ঠিত কৰা দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত বিয়োগোম কেলেংকাৰী সংঘটিত হৈছিল। মধ্য প্ৰদেশৰ চেহুৰ, ৰতলাম আৰু উমৰিয়াৰ পৰীক্ষা কেন্দ্রত উৰিষ্যা আৰু পঞ্জাৱৰ প্ৰায় ১৭০০ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষা নিদিয়াকৈয়ে লাভ কৰিছিল মাৰ্কশ্বিট। যাৰ বিনিময়ত প্ৰতিজন প্ৰাৰ্থীয়ে ৫০,০০০কৈ টকা আদায় দিছিল।

কেলেংকাৰীৰ কথা পোহৰলৈ অহাৰ পাছতে চিবিআইক তদন্তৰ দায়িত্ব অৰ্পণ কৰে কেন্দ্ৰীয় চৰকাৰে। ২০১৮ চনৰ নৱেম্বৰ মাহত সংস্থাটোৰ ২০০জন বিষয়াৰে গঠিত ২৪টা ভিন্ন দলে দেশৰ বিভিন্ন স্থানত অভিযান চলাইছিল। উল্লেখযোগ্য যে, চিবিআইৰ এটা দলে গুৱাহাটী আৰু লখিমপুৰতো অভিযান চলাইছিল।

Your Comments