ফাষ্টটেগ বাধ্যতামূলক কৰাৰ প্ৰথম দিনাই দেশত বিক্ৰী হ’ল ২.৫ লাখ টকা মূল্যৰ ফাষ্টটেগ

Fastag

কেন্দ্ৰীয় চৰকাৰৰ পৰিৱহন মন্ত্ৰালয়ে ক্ৰমে ১৫ আৰু ১৬ ফেব্ৰুৱাৰীৰ পৰা ফাষ্টটেগ বাধ্যতামূলক কৰাৰ পিছতে ভাৰতবৰ্ষত বিক্ৰী কৰিবলৈ সক্ষম হৈছে প্ৰথম বাৰৰ বাবে প্ৰায় ২.৫ লাখ টকা মূল্যৰ ফাষ্টটেগ। ৰাষ্ট্ৰীয় শুল্ক নিয়ম ২০০৮ অনুসৰি ফাষ্টটেগ  নলগোৱা বাহনসমূহৰ গৰাকীয়ে ভৰিব লাগিব টোল প্লাজাত সোমোৱাৰ লগে লগে দুগুন জৰিমনা।

Fastag

ভাৰতৰ প্ৰায় ৬৩০টা টোল প্লাজাত এই নিয়ম বাধ্যতামূলক কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ পৰিবহণ মন্ত্ৰালয়ে দেওবাৰে স্পষ্ট ভাৱে জনাইছে যে, ডিজিটেল মাধ্যমত ফাষ্টটেগ বিক্ৰীৰ ব্যৱস্থা অব্যাহত আছে। তদুপৰি,সমগ্ৰ দেশত মুঠ ৪০,০০০ টা স্থান ফাষ্টটেগ বিক্ৰীৰ বাবে নিৰ্বাচন কৰিছে পৰিবহণ মন্ত্ৰালয়ে । 

Your Comments