পূৰ্বতকৈয়ো অধিক ব্যয়বহুল হৈ পৰিল বিমান যাত্ৰা, ৩০ শতাংশ বৃদ্ধি টিকটৰ দাম !

Flight journey

বিমান যাত্ৰীসকলৰ বাবে এটা বেয়া খবৰ ! এতিয়াৰ পৰা ব্যয়বহুল হৈ পৰিব বিমান যাত্ৰা। দেশৰ “অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে” বৃহস্পতিবাৰে সকলো বেণ্ডৰ বিমান ভাড়া বৃদ্ধি কৰিছে। এই সিদ্ধান্তই বৰ্তমান লোকচানৰ সন্মুখীন হৈ থকা এয়াৰলাইনসমূহক কিছু পৰিমাণে সকাহ দিব যদিও ৩১ মাৰ্চলৈকে বিমান যাত্ৰীসকলৰ খৰচ যথেষ্ট বৃদ্ধি কৰিব। বিমান ভাড়াৰ নিম্নতম আৰু উৰ্ধতম সীমা ১০ৰ পৰা ৩০%লৈ বৃদ্ধি কৰা হৈছে। বৃহস্পতিবাৰে মন্ত্ৰণালয়ে এক অধিসূচনা যোগে এই তথ্য সদৰি কৰে।

Flight

কেন্দ্ৰীয় চৰকাৰে বিগত বছৰৰ মে’ মাহত ঘৰুৱা বিমান সেৱা পুনৰ মুকলি কৰিছিল আৰু বেণ্ড অনুসৰি বিমান ভাড়াত প্ৰতিবন্ধকতা আৰোপ কৰিছিল যাতে বৰ্ধিত মূল্যই যাত্ৰীক অসুবিধাত নেপেলায়। ৪০ মিনিটতকৈ কম সময় যাত্ৰা কৰিবলগীয়া বিমানসমূহ এনেধৰণৰ বেণ্ডত সন্নিবিষ্ট আছিল।

এতিয়াৰ সংশোধিত নিৰিখ অনুসৰি প্ৰথম বেণ্ডৰ নূন্যতম ৰাশি ২০০০ টকাৰ পৰা ২২০০ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে উচ্চতম ৰাশি ৬০০০ টকাৰ পৰিৱৰ্তে ৭৮০০ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ বেণ্ডসমূহ ৪০ৰ পৰা ৬০ মিনিট, ৬০ৰ পৰা ৯০ মিনিট, ৯০ৰ পৰা ১২০ মিনিট, ১২০ মিনিটৰ পৰা ১৫০ মিনিট, ১৫০ মিনিটৰ পৰা ১৮০ মিনিট আৰু ১৮০ মিনিটৰ পৰা ২১০ মিনিট।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰণালয়ৰ সংশোধিত নিৰিখ অনুসৰি নিম্ন আৰু উচ্চতম সীমা হৈছে: ৬০ৰ পৰা ৯০ মিনিটৰ যাত্ৰাৰ বাবে নূন্যতম ভাড়া ৩,৩০০ৰ পৰিৱৰ্তে ১১,৭০০ টকা। ৯০ৰ পৰা ১২০ মিনিটৰ বাবে নূন্যতম ভাড়া ৩,৫০০ টকা আছিল যদিও  এতিয়াৰ পৰা নতুন ভাড়া হ’ব ৩,৯০০ আৰু উচ্চতম ১৩,০০০ টকা। একেদৰে ১২০ মিনিটৰ পৰা ১৫০ মিনিটৰ যাত্ৰাৰ নূন্যতম আৰু উচ্চতম ভাড়া ক্ৰমে ৫,০০০ আৰু ১৬,৯০০ টকা হ’ব।

ইয়াৰ সমান্তৰালকৈ ১৫০ মিনিটৰ পৰা ১৮০ মিনিটৰ যাত্ৰাৰ বাবে আপুনি বহন কৰিব লাগিব নূন্যতম ৬,১০০ আৰু উচ্চতম ২০,৪০০ টকা। আনহাতে ১৮০ মিনিটৰ পৰা ২১০ মিনিটৰ বিমানৰ সংশোধিত নূন্যতম ভাড়া হ’ব ৭,২০০ টকা আৰু উচ্চতম ২৪,২০০ টকা।

মন্ত্ৰণালয়ে জাৰি কৰা অধিসূচনা মতে, এই নতুন নিৰিখ ৩১ মাৰ্চ, ২০২১ লৈকে বা পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত বাহাল থাকিব।

Your Comments