ভূটান সীমান্তত গাঞ্জাসহ দুজন সৰবৰাহকাৰী আটক

ভূটান সীমান্তত গাঞ্জাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক

 

ওদালগুৰি জিলাৰ ভাৰত ভূটান সিমান্তৱৰ্তী চামৰাং অঞ্চলৰ পৰা দেওবাৰে টহলদাৰী এছ এছ বিৰ এটা দলে দুজন ভূটীয়া ড্ৰাগছ সৰবৰাহকাৰীসহ ৩৫ কেজি গাঞ্জা জব্দ কৰে ।

ভূটান সীমান্তত গাঞ্জাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক

এছ এছ বিৰ ৩৭ নং বেটেলিয়ানৰ এটা গোটৰ অভিযানত ভাৰত-ভূটান সীমান্তৰ চামৰাং অঞ্চলত শনিবাৰে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ভুটান ৰাষ্ট্ৰৰ লেকজাই আৰু মেটো চাৰিং বুলি চিনাক্ত কৰে ।

আনপিনে আটকাধীন লোক দুজনৰ পৰা ভূটানৰ পঞ্জীয়নকৃত বি পি-৪ এ-১২৭৮ নম্বৰৰ বলেৰ' গাড়ীৰ লগতে জব্দকৃত গাঞ্জাসহ ডিমাকুচি আৰক্ষী থানাত গতাই দিয়ে ।

ভূটান সীমান্তত গাঞ্জাসহ দুজন ড্ৰাগছ সৰবৰাহকাৰী আটক

গাঞ্জাখিনি অসমৰ ওদালগুৰি জিলাৰ কোনো অঞ্চলত যোগান ধৰাৰ উদ্দেশ‍্যে অনাৰ কথা স্বীকাৰ কৰে অভিযানকাৰী দলটোৰ আগত । ডিমাকুচি আৰক্ষীৰ তদন্তৰ পিছত ভূটানৰ উচ্চপদস্থ আৰক্ষী বিষয়াৰ হাতত লোক দুজনক চমজাই দিয়া বুলি জানিব পৰা গৈছে ।

Your Comments