নিখিল বড়ো ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত দেওবাৰে এক দীঘলীয়া শান্তি পদযাত্ৰা উলিয়াই বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ লগত মত বিনিময় কৰে ।
জিলা সদৰ ওদালগুৰিৰ পৰা হৰিশিঙালৈ উলিওৱা এই পদযাত্ৰাত মুঠ ১২খন আঞ্চলিক সমিতিৰ ৪গৰাকীকৈ ছাত্ৰকৰ্মীয়ে অংশগ্ৰহণ কৰে । ওদালগুৰি জিলা এবছুৰ সভাপতি ৰতেন্দ্ৰ দৈমাৰীৰ নেতৃত্বত উলিওৱা এই শান্তি সমদলত কবিৰালী, ওদালগুৰি, বৰ্নগাঁও, বচলা,
আম্বাগাঁও, ৰৌতা, মাজবাট, সোণাই, কাজিয়ামাটি, ওৰাং, নলবাৰী আৰু বড়োবাজাৰ আঞ্চলিক সমিতিৰ ৪গৰাকীকৈ ছাত্ৰকৰ্মীয়ে সমদলত যোগদান কৰে ।
উল্লেখ্য যে এই পদযাত্ৰাৰ জৰিয়তে বন্ধুত্ব গঢ়া, পৰ্যবেক্ষণ কৰা, ৰাইজৰ লগত মতবিনিময় কৰা, ৰাইজৰ অভাৱ-অভিযোগসমূহ অনুধাৱন কৰি সিদ্ধান্তত উপনীত হৈ পৰিকল্পনা কৰাই আছিল এই পদযাত্ৰাৰ মূল লক্ষ্য ।
শান্তি সমদলৰ জৰিয়তে এবছুয়ে বড়ো সমাজক একত্ৰিত কৰি অনাগত দিনত শান্তি আৰু বহনক্ষম সমাজ গঢ়াৰ লক্ষ স্থিৰ কৰিছে ।
- Log in to post comments
- 41 views