ৰাষ্ট্ৰসংঘত কাশ্মীৰ প্ৰসংগ উত্থাপন কৰি মুখ ঠেকেছা খোৱা পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান এতিয়া হতাশ।হতাশ ইমৰাণে এতিয়া উৰহৰ খং ভগা ভগা ঢাৰিত জাৰিছে।ইমৰাণে ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি মলীহা লোধীক তেওঁৰ পদৰ পৰা আঁতৰাই দিছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ পক্ষত পৰিস্থিতি সৃষ্টি কৰিবলৈ সফল নোহোৱাৰ বাবেই লোধীৰ বিৰুদ্ধে এনে পদক্ষেপ গ্ৰহণ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে।এতিয়া মলীহাৰ স্থান ল'ব মুনীৰ আক্ৰামে।
- Log in to post comments
- 16 views