জম্মু-কাশ্মীৰৰ গাণ্ডৰবলত সুৰক্ষা বাহিনীয়ে নিধন কৰিলে তিনিটা সন্ত্ৰাসবাদীক

Army

জম্মু-কাশ্মীৰৰ গাণ্ডৰবল অঞ্চলৰ নাৰানাদ এলেকাৰ অৰণ্যত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা সন্ত্ৰাসবাদী নিহত হয়।সন্ত্ৰাসবাদীকেইটা বিদেশী বুলি ধাৰণা কৰা হৈছে।চোৰাংচোৱা সূত্ৰৰ পৰা খবৰ পাই শনিবাৰে পুৱা অৰণ্য এলেকাটোত সুৰক্ষা  বাহিনীয়ে অভিযান চলাইছিল।আনহাতে, ৰামবন এলেকা ৰাষ্ট্ৰীয় ঘাইপথ নম্বৰ-২৪৪ ত দুটা সন্ত্ৰাসবাদীয়ে পুৱা ৭-৩০ বজাত এখন বাছ ৰখাবলৈ চেষ্টা কৰে।কিন্তু সতৰ্ক চলক জনে বাছ খন নৰখাই সমীপৰ সেনাৰ চকীত খবৰ দিয়ে।সেনা আহি তদন্ত চলাওঁতেই সন্ত্ৰাসবাদীৰে গুলীয়া-গুলী হয়।বৰ্তমান, সুৰক্ষা বাহিনীয়ে এলেকাটো ঘেৰি লৈ সন্ত্ৰাসবাদী কেইটাৰ সন্ধান অব্যাহত ৰাখিছে।

Your Comments