আজি ভাৰতৰ অন্যতম শ্ৰেষ্ঠ স্বাধীনতা সংগ্ৰামী 'শ্বহীদ-এ-আজম' ভগৎ সিঙৰ জন্মদিন

Bhagat Singh

ভাৰতৰ অন্যতম শ্ৰেষ্ঠ স্বাধীনতা সংগ্ৰামী 'শ্বহীদ-এ-আজম' ভগৎ সিঙৰ আজি জন্মদিন।ভাৰতৰ স্বাধীনতাৰ বাবে প্ৰাণ বিসৰ্জন দিয়া ভগৎ সিঙৰ জন্ম হৈছিল ১৯০৭ চনৰ ২৮ ছেপ্টেম্বৰত বৰ্তমান পাকিস্তানৰ লায়লপুৰৰ বংগাত।বিশিষ্ট স্বাধীনতা সংগ্ৰামী 'পঞ্জাব কেশৰী' লাল লাজপত ৰায়ৰ ব্ৰিটিছ আৰক্ষীৰ লাঠী চালনাত মৃত্যুৰ প্ৰতিশোধ ল'বলৈ ব্ৰিটিছ আৰক্ষী বিষয়া জন চেন্ডাৰ্ছক গুলীয়াই নিধন কৰিছিল ভগৎ সিং আৰু আন এজন প্ৰখ্যাত ক্ৰান্তিকাৰী ৰাজগুৰুয়ে।দিল্লীৰ চেণ্ট্ৰেল এছেম্বলীত আন এজন স্বনামধন্য ক্ৰান্তিকাৰী বটুকেশ্বৰ দত্তৰ সৈতে বোমা দলিয়াই ব্ৰিটিছ চৰকাৰত কঁপনি তুলিছিল  যুৱ বিপ্লৱী ভগৎ সিঙে।চেণ্ট্ৰেল এছেম্বলী হলত বোমা দলিওৱাৰ গোচৰতে ১৯৩১ চনৰ ২৩ মার্চত ব্ৰিটিছ চৰকাৰে ফাঁচী দিয়ে ভগৎ সিং,ক্ৰান্তিকাৰী সুখদেৱ আৰু ৰাজগুৰুক।'ইনক্লাব জিন্দাবাদ'ধ্বনিৰ স্ৰজক ভগৎ সিঙৰ অতুলনীয় দেশপ্ৰেম যুগে যুগে ভাৰতীয়ৰ বাবে আদৰ্শ।

Your Comments