
কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধীৰ জোঁৱাই তথা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীৰ স্বামী ৰবাৰ্ট ভদ্ৰাক নিজৰ জিম্মাত বিচাৰিছে প্ৰৱৰ্তন নিৰ্দেশলায়ে(ইডি)।ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ত ভদ্ৰাক নিজৰ জিম্মাত ৰখাৰ প্ৰয়োজন আছে বুলি বক্তব্য প্ৰকাশ কৰিছে।'ইডি'য়ে লগতে আদালতৰ আগত উল্লেখ কৰিছে যে ৰবাৰ্ট ভদ্ৰাৰ ধনৰ লেন-দেনৰ সূত্ৰসমূহৰ সৈতে পোনপটীয়া সম্পৰ্ক আছে।ভদ্ৰাই তেওঁৰ বিৰুদ্ধে থকা বিত্তীয় অনিয়মৰ গোচৰসমূহৰ তদন্তত সহযোগ কৰা নাই বুলিও ইডিয়ে মন্তব্য কৰিছে।
- Log in to post comments
- 10 views