মাৰ্কিন যুক্তৰাষ্ট্ৰৰ হিউজষ্টনৰ এনআৰজি ষ্টেডিয়ামত অনুষ্ঠিত 'হাউডী মোডী' অনুষ্ঠানত পাকিস্তানৰ নাম নোলোৱাকৈয়ে দেশখনৰ বিৰুদ্ধে মুখৰ হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।৫০ হাজাৰ আমেৰিকা নিবাসী ভাৰতীয় মূলৰ নাগৰিকৰ আগত আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সন্মুখতে তেওঁ মন্তব্য প্ৰকাশ কৰে-৯/১১ আৰু ২৬/১১ সন্ত্ৰাসবাদী আক্ৰমণৰ ষড়যন্ত্ৰকাৰীসকলক ক'ত পোৱা যায়?পাকিস্তানক আক্ৰমণ কৰি মোডীয়ে পুনৰ কয়-যিসকলে নিজৰ দেশখন চম্ভালিব নোৱাৰে,তেওঁলোকে ভাৰতৰ বিৰুদ্ধে ঘৃণাক নিজৰ ৰাজনীতিৰ কেন্দ্ৰ কৰিছে।এইসকল লোকে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰে।প্ৰধানমন্ত্ৰী মোডীয়ে পুনৰ বক্তব্য প্ৰকাশ কৰে-এতিয়া সময় আহি গৈছে যে সন্ত্ৰাসবাদ আৰু সন্ত্ৰাসবাদক সাৰ-পানী যোগোৱাসকলৰ বিৰুদ্ধে নিৰ্ণায়ক যুদ্ধ কৰাৰ।মোডীয়ে কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত দৃঢ়তাৰে নিজৰ স্থিতিত অটল আছে।
- Log in to post comments
- 8 views