প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আমেৰিকা ভ্ৰমণ:স্বাগতম জনাইছে মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰথমগৰাকী ভাৰতীয় মূলৰ প্ৰাৰ্থী তুলসী গবাৰ্ডে

Tulsi

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ প্ৰথমগৰাকী ভাৰতীয় বংশোদ্ভূত প্ৰাৰ্থী তুলসী গবাৰ্ডে মাৰ্কিন  যুক্তৰাষ্ট্ৰ ভ্ৰমণলৈ আহিব লগা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উৎসাহেৰে স্বাগতম জনাইছে।উল্লেখ্য যে অহা ২২ ছেপ্টেম্বৰত মাৰ্কিন চহৰ হাউষ্টনত আমেৰিকা নিবাসী ভাৰতীয় মূলৰ লোকসকলে আয়োজন কৰা 'হাউডী মোডী' নামৰ অনুষ্ঠানটোত প্ৰধানমন্ত্ৰী মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে একেলগে অংশগ্ৰহণ কৰিব।আমেৰিকাৰ আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ প্ৰচাৰ অভিযান সম্পৰ্কীয় বাধা-নিষেধৰ বাবে উক্ত অনুষ্ঠানটোত উপস্থিত থাকিব নোৱাৰিব ডেম'ক্ৰেটিক দলৰ প্ৰাৰ্থী ৩৭ বছৰীয়া তুলসী গবাৰ্ড।তাৰ বাবে গবাৰ্ডে ক্ষমাও খুজিছে।

Your Comments