ছৌদী আৰবৰ আৰামক' তেল শোধনাগাৰত যোৱা শনিবাৰে সন্ত্ৰাসবাদীয়ে ড্ৰ'ণ আক্ৰমণ কৰাৰ পিছত আন্ত:ৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে।বিশ্বৰ তৃতীয় বৃহৎ তেল আমদানীকাৰী দেশ ভাৰততো পেট্ৰল আৰু ডিজেলৰ মূল্য এতিয়া উৰ্ধমুখী হৈছে।ৰাজধানী দিল্লীত যোৱা দুদিনত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩৯ পইচা বৃদ্ধি পাইছে।দেশৰ অন্যান্য প্ৰান্তৰতো পেট্ৰ'ল-ডিজেলৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে।অনাগত দিনতো এই অত্যাৱশ্যকীয় ইন্ধন দুবিধৰ মূল্য বৃদ্ধি অব্যাহত থকাত ভাৰতীয় জনতাৰ ওপৰত মাধমাৰ পৰাটো খাটাং হৈছে।
- Log in to post comments
- 11 views