প্ৰথমবাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে একেখন মঞ্চৰ পৰা জনতাক সম্বোধন কৰিব।আমেৰিকাত অহা ২২ ছেপ্টেম্বৰত হাউষ্টনত হাউডী মোডী নামৰ অনুষ্ঠানত মোডী আৰু ট্ৰাম্পে একেখন মঞ্চৰ পৰা আমেৰিকাত থকা ভাৰতীয় মূলৰ লোক সকলক সম্বোধন কৰিব।উক্ত অনুষ্ঠানত ৫০,০০০ হাজাৰতকৈ অধিক লোক সমবেত হোৱাৰ আশা আছে।হাউষ্টনৰ টেক্সাছ ইণ্ডিয়া ফ'ৰামে এনআৰজি ষ্টেডিয়ামত এই অনুষ্ঠানৰ আয়োজন কৰিছে।মোডী আৰু ট্ৰাম্পে প্ৰথমবাৰৰ বাবে একেলগে জনতাক সম্বোধন কৰাটোৱে দুয়োগৰাকী নেতাৰ বন্ধুত্বৰ গভীৰতা তথা বৃহত্তৰ প্ৰেক্ষাপটত ভাৰত আৰু আমেৰিকাৰ মিত্ৰতাৰ গভীৰতাকে প্ৰমাণ কৰিছে।
- Log in to post comments
- 9 views