ছৌদী আৰবত বিশ্বৰ সৰ্ববৃহৎ তেল শোধনাগাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ কুপ্ৰভাৱ:ব্যাপকভাৱে বৃদ্ধি খাৰুৱা তেলৰ মূল্য

Fire

ছৌদী আৰবস্থিত বিশ্বৰ সৰ্ববৃহৎ তেল কোম্পানী অৰামক'ৰ তেল শোধনাগাৰৰ ওপৰত সন্ত্ৰাসবাদীয়ে দ্ৰোণৰ জড়িয়তে কৰা আক্ৰমণৰ খাৰুৱা তেলৰ বজাৰত ব্যাপক ঋণাত্মক প্ৰভাৱ পৰিছে।বৰ্তমান বিশ্বৰ বজাৰত খাৰুৱা তেলৰ মূল্য ১২ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে।আগন্তুক কিছু দিনলৈও খাৰুৱা তেলৰ মূল্য বৃদ্ধি হৈ থকাৰ সম্ভৱনা আছে।ভাৰততো পেট্ৰ'ল- ডিজেলৰ মূল্যবৃদ্ধিৰ আশংকা প্ৰকাশ কৰা হৈছে।ছৌদী চৰকাৰৰ সূত্ৰই অৱগত কৰিছে যে শোধনাগাৰটোৰ দুটা গোটৰ উৎপাদন বন্ধ কৰি দিয়া হৈছে,যাৰ বাবে মুঠ উৎপাদন ৫০ শতাংশলৈকে প্ৰভাৱিত হৈছে।য়েমেনৰ বিদ্ৰোহী সংগঠনে দ্ৰোণৰ জৰিয়তে শনিবাৰে এই আক্ৰমণটো কৰিছিল।

Your Comments