নিউজ ডেস্ক:
যোৱা ২ ছেপ্টেম্বৰৰ পৰা ৬ ছেপ্টেম্বৰলৈ থাইলেণ্ডৰ বেংককত 'ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অৰ্থনৈতিক আৰু সামাজিক আয়োগ'-এ আয়োজন কৰা 'ৰাষ্ট্ৰসংঘৰ এছিয়া প্ৰশান্ত মহাসাগৰীয় জলবায়ু সপ্তাহ ২০১৯'ত ভাৰতৰ হৈ অসম সন্তান চাও হেমজিৎ দেওধাই ফুকন আৰু পাৰ্থ হাজৰিকাই অংশগ্ৰহণ কৰে।উল্লেখ্য যে হেমজিৎ দেওধাই ফুকনে গুৱাহাটী আইআইটিৰ পৰা Development Studiesত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰাৰ পিছত বৰ্তমান Climate, Solid Waste Management & Parmanent solution of flood in Assam & India বিষয়ত কামৰ লগতে গৱেষণা কৰি আছে।আনহাতে পাৰ্থ হাজৰিকাইয়ো ৰাজস্থানত পৰিৱেশ আৰু পানীৰ সমস্যা সন্দৰ্ভত কাম কৰি আছে। দুয়োজনৰে ঘৰ দুলীয়াজানত।
বিগত ৮ ৰ পৰা ১১ ছেপ্টেম্বৰলৈ বেংককত অনুষ্ঠিত 'বিশ্ব নাগৰিক শীৰ্ষ সন্মিলন-২০১৯'ত চাও হেমজিৎ দেওধাই ফুকনে ভাৰতক প্ৰতিনিধিত্ব কৰি বিশেষ পাৰদৰ্শিতা দেখুৱাই শ্ৰেষ্ঠ প্ৰতিনিধিৰ বঁটা আজুৰি আনিবলৈ সক্ষম হয়।উল্লেখ্য যে এই শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিব বিচাৰি বিশ্বৰ বিভিন্ন দেশৰ ৬৭২ গৰাকী প্ৰতিনিধিয়ে আবেদন কৰিছিল। কিন্তু তাৰ ভিতৰত ৭ খন দেশৰ ১৫ গৰাকী প্ৰতিনিধিকহে অংশগ্ৰহণৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল। উল্লেখ যে চাওঁ হেমজিৎ দেওধাই ফুকনে জলবায়ু পৰিৱৰ্তনৰ বিষয়টো শীৰ্ষ সন্মিলনত উত্থাপন কৰিছিল।
- Log in to post comments
- 10 views