পুনৰ দীঘলীয়া আন্দোলনৰ কাৰ্যসূচী ঘোষণা প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

tet teachar Protest

নিউজ ডেস্ক :

শিক্ষা বিভাগৰ বঞ্চনাৰ বিৰূদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিলে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। দেওবাৰ মহানগৰীৰ শিক্ষক ভৱনত আয়োজিত হোৱা সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।উক্ত সভাতে সমাজৰ সৰ্বসন্মতি ক্ৰমে ৰাজ্যৰ প্ৰাথমিক টেট শিক্ষকৰ চাকৰিৰ বেতন সুৰক্ষাসহ বিনাচৰ্তে নিয়মীয়া কৰাৰ দাবীত অহা ১৩ছেপ্টেম্বৰত প্ৰতিখন জিলাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব।

ইয়াৰ উপৰিও প্ৰেছ বিজ্ঞপ্তি জৰিয়তে তেওঁলোকে জানিবলৈ দিয়া অনুসৰি এই ধৰ্ণা কাৰ্যসূচীয়ে যদি অসম চৰকাৰ তথা শিক্ষা বিভাগক বাধ্য কৰাব নোৱাৰে তেন্তে ছেপ্টেম্বৰ মাহৰ ভিতৰতে ঠিকা ভিত্তিক প্ৰাথমিক টেট শিক্ষক সকলে প্ৰতিখন জিলাৰ প্ৰাথমিক শিক্ষা বিষয়াৰ কার্যালয়ত "তলা বন্ধ" কাৰ্যসূচী গ্ৰহণ কৰিব।

ইয়াৰ পিছতো যদি অসম চৰকাৰ তথা শিক্ষা বিভাগে তেওঁলোকৰ দাবীসমূহ গুৰুত্ব নিদিয়ে তেতিয়া প্ৰয়োজনত কেন্দ্ৰীয় চৰকাৰক অৱগত কৰাৰ বাবে ৪১হাজাৰ টেট শিক্ষকে "দিল্লী যাত্ৰা" কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি ঘোষণা কৰে।

এই সন্দৰ্ভত সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সভাপতিয়ে কয় যে "আবেদনৰ ভাষা নুবুজে শিক্ষামন্ত্ৰীয়ে। কাৰণ শিক্ষক সকলৰ  সমস্যা সমাধান কৰাৰ বাবে বাৰে বাৰে আবেদন কৰাৰ পাছতো শিক্ষামন্ত্ৰীয়ে সমাধানৰ ব্যৱস্থা নকৰি টেট শিক্ষক সকলৰ মাজত বিভাজনৰ ৰাজনীতি কৰিব বিচাৰিছে।যি কথা শিক্ষক সমাজৰ বাবে কেতিয়াও গ্ৰহণযোগ্য হ'ব নকৰে"।

Your Comments