একত্ৰিত হ'ল টাই আহোম যুৱ পৰিষদৰ দুই বিভাজিত ফৈদ 

tai aahom

সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন :


দ্বি -বিভক্ত  হৈ থকা টাই আহোম জনগোষ্ঠীয় সংগ্ৰামৰ অন্যতম সংগঠন টাই আহোম যুৱ পৰিষদ,অসম দেওবাৰে একত্ৰিত হ'ল। চৰাইদেউ মৈদামৰ ক্ষেত্ৰৰ সমীপৰ লাংকুৰি দেওশালত অনুষ্ঠিত এখন সভাত একত্ৰিত হ'ল দ্বি-বিভক্ত হৈ থকা সংগঠনটোৰ দুয়োটা ফৈদ। উল্লেখ্য যে ২০১৫ চনত শদিয়াত অনুষ্ঠিত হোৱা টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় অধিৱেশনৰ পাছতেই  দুটা ফৈদত বিভক্ত হৈ দুখন সমিতিয়ে সংগঠনটো পৰিচালনা কৰিছিল।

tai ahom2 যাৰ ফলত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল জনসাধাৰণৰ মাজত। ইয়াৰ পৰৱৰ্তী সময়ত বহুকেইবাৰ একত্ৰিকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল যদিও একত্ৰিত হ'ব পৰা নাছিল।saraideu

সকলো জল্পনা কল্পনা অন্ত পেলাই দেওবাৰে চৰাইদেউ মৈদামক্ষেত্ৰৰ সমীপৰ লাংকুৰি দেওশালত এখন প্ৰীতি সন্মিলন অনুষ্ঠিত কৰি দুয়োটা ফৈদ একত্ৰিত হোৱাৰ কথা ঘোষণা কৰাৰ লগতে আহোম ধৰ্মীয় ৰীতি-নীতি অনুসৰি পৰম্পৰাগত বানফি পূজা সম্পন্ন কৰি টাই আহোম জনগোষ্ঠীয় সংগ্ৰামখন অধিক সক্ৰিয় কৰাৰ লগতে টাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ বাবে কাম কৰাৰ সংকল্প গ্ৰহণ কৰে।

Your Comments